মহানগৰীৰ আজাৰাস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত গুৱাহাটীস্থিত মাৰোৱাৰী মেটাৰনিটী হাস্পতাল আৰু লায়ন্স ক্লাব গুৱাহাটীৰ সহযোগত আজি মহানগৰীৰ সমীপৱৰ্তী চকৰ্দো দেশভক্ত তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। উক্ত শিৱিৰ মুকলি কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। এই অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেন চন্দ্ৰ মেধী, উপ সভাপতিদ্বয় চন্দ্ৰ কুমাৰ দাস, মহেশ্বৰ ৰংপী আৰু কোষাধ্যক্ষ জয়ন্ত কুমাৰ পাটগিৰি উপস্থিত থকা এই শিৱিৰ পৰিচালনা কৰে সম্পাদক তপন জখৰীয়াই। স্বাস্থ্য পৰীক্ষা শিৱিৰৰ জৰিয়তে হিতাধিকাৰী সকলৰ চকু, ডায়েবেটিচ, ফিজিওথেৰাপি, প্ৰসুতি আৰু শিশু ৰোগৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। প্ৰায় দুই শতাধিক ৰোগী এই শিবিৰৰ দ্বাৰা উপকৃত হয়। শিবিৰ আৰম্ভ হোৱাৰ পূৰ্বে চকৰ্দো অঞ্চলৰ সমাজকৰ্মী বাহাদুৰ ইংতি, সুগ্ৰীব বে, লক্ষীন্দ্ৰ টেৰণ আৰু তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল মেধিক সম্বৰ্ধনা জনোৱা হয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা