জ্ঞান আৰু বিদ্যা হৈছে এটা হাবিয়াস । ইতিহাসে ঢুকি পোৱা দিনৰে পৰা নিৰক্ষৰী সকলেও জীৱন চৰ্যা আৰু জীৱন বোধৰ জ্ঞান গৰিমা বিলাই আহিছে ,জ্ঞানৰ কথা কৈ আহিছে। যিসময়ত জ্ঞানৰ মন্দিৰৰ আনুষ্ঠানিক অৱস্থিতি উপলব্ধ নাছিল সেই সময়তো নিৰক্ষৰ চহা গঞাই জ্ঞান আহৰণ আৰু বিতৰণৰ প্ৰতি লালায়িত আছিল। দৰাচলতে যি সকল পিতৃ মাতৃয়ে জ্ঞান অর্জনৰ বাবে নিজ সন্তানক বিদ্যাৰ মন্দিৰলৈ ধাবিত কৰাত আগ্ৰহ প্ৰকাশ নকৰে সেই সকল পিতৃ মাতৃ বাস্তৱিকতে উপযুক্ত অভিভাৱক নহয়।” ঢকুৱাখনাৰ শৈক্ষিক ইতিহাস সমৃদ্ধ কৰি স্বৰ্ণউজ্জল স্বাভিমানেৰে উজ্বলি উঠা ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰ শতিকা জোৰা স্বৰ্ণিল অতীতৰ সশ্ৰদ্ধ স্মৰণেৰে উদযাপিত ডেৰশ বছৰীয়া জয়ন্তীৰ আজি দ্বিতীয় দিনা স্মৃতিগ্ৰন্থ “উন্মিলন” উন্মোচন কৰি এই মন্তব্য কৰে প্ৰবীণ শিক্ষাবিদ ডিম্বেশ্বৰ গগৈয়ে । জয়ন্তীৰ দ্বিতীয় দিনাৰ অন্যতম মুখ্য কাৰ্যসূচী স্মৃতিগ্ৰন্থখন উন্মোচন কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক গগৈয়ে স্বৰাজোত্তৰ কালৰে পৰা ঢকুৱাখনাৰ আনুষ্ঠানিক প্ৰাথমিক শিক্ষা আৰু পৰৱৰ্তী সময়ত মজলীয়া শিক্ষাৰ পটভূমিৰ গৱেষণালব্ধ বিশ্লেষন দাঙি ধৰে । ঢকুৱাখনাৰ প্ৰথম গৰাকী মৌজাদাৰ চাৰু চন্দ্ৰ গগৈৰ একক প্ৰচেষ্টাত ১৮৫১-৫২ চনত “ঢকুৱাখনা স্কুল”ৰ প্ৰতিষ্ঠা আৰু পৰৱৰ্তী সময়ত ১৮৭২ চনত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় প্ৰতিষ্ঠাকে প্ৰমুখ্য কৰি অন্যান্য শিক্ষানুষ্ঠান সমূহ প্ৰতিষ্ঠা হোৱাৰ তথ্য সদৰী কৰি শিক্ষাবিদ গৰাকীয়ে কপহুৱা প্ৰাথমিক বিদ্যালয় এই ঐতিহ্য সমৃদ্ধকাৰী শিক্ষানুষ্ঠান সমূহৰ অন্যতম বুলি অভিহিত কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কুল নাথ বৰুৱা, সম্পাদক তথা প্ৰধান শিক্ষয়িত্ৰী সেৱিকা শইকীয়াকে প্ৰমুখ্য কৰি সমূহ বিষয়ববিয়া , স্মৃতি গ্ৰন্থৰ সম্পাদক অলকেশ বৰা ,শিক্ষবিদ ডঃ ঠানু ৰাম মজিন্দাৰ , সেৱক চুতীয়া, প্ৰবীণ শিক্ষাবিদ ছবিলাল জৈন , অনিতা দত্ত বৰুৱা আদি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উৰুলী মঙ্গল ধ্বনিৰ মাজত স্মৃতি গ্ৰন্থখন উন্মোচন কৰাৰ পাছতে অনুষ্ঠিত হয় জয়ন্তীৰ অন্তিমখন আলোচনা চক্ৰ। তিনিচুকীয়া জিলাৰ পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানু ৰাম মজিন্দাৰৰ সঞ্চালনাত অনুষ্ঠিত “চৰকাৰী বিদ্যালয় সমূহৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আৰু কৰ্তব্য ” শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাবে ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, অবসৰী শিক্ষক হেম বৰুৱা , হাৰ্হি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰতিমা চেতিয়াই অংশগ্ৰহণ কৰি মননশীল বক্তব্য দাঙি ধৰে। দুপৰীয়া গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানত সোণহেৰীয়া স্মৃতিৰ ৰোমন্থন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰা জয়ন্তীৰ জনাকীৰ্ণ মণ্ডপত সন্ধিয়া বন্তি প্রজ্বলন কৰাৰ পাছত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। নৰ্থ বেংক মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সু গায়ক শুভ দাসৰ শ্ৰুতি মধুৰ গীতৰ মূৰ্ছনাৰে শুভাৰম্ভ হোৱা সাংস্কৃতিক সন্ধিয়াত অক্ষয় প্ৰীত গগৈ ,সুনীল দুৱৰা , ভাস্কৰ গগৈ আদিৰ গীতৰ কৰণীয়ে মাজ নিশা পৰ্যন্ত উপস্থিত দর্শকক সন্মোহিত কৰি ৰাখে। কাইলৈ জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা ,মুকলি সভা আৰু ভাওনা প্রদর্শন আদি কাৰ্যসূচীৰে জয়ন্তীৰ তিনিদিনীয়া বৰ্ণিল আয়োজনৰ সফল পৰিসমাপ্তি ঘটিব ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign