সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা বিষয়ক আলোচনা চক্ৰ সম্পন্ন

0 406

সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বুদ্ধিদীপ্ত পৰিকল্পনা বিষয়ক এখনি আলোচনা চক্ৰ অলপতে আই ,কিউ চিভিল আই এচ একাডেমিৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত  হয়। ৩১ জানুৱাৰীত অনুষ্ঠিত হোৱা এই বিশেষ আলোচনা চক্ৰখনত বক্তা হিচাপে আই আই টি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰ তথা আই কিউ চিভিল আই এ এচ একাডেমীৰ পৰিচালক অনুজ সিঙে।প্ৰায় সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা আলোচনা চক্ৰখনত অনুজ সিঙে কয় যে প্ৰকৃততে সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষা ছাত্ৰ ছাত্ৰী সকলে ভবাৰ দৰে টান নহয়। নিয়মিত ভাৱে একচিত্ৰে অধ্যয়ন কৰিলে সহজে ইয়াত উত্তীৰ্ণ হ’ব পাৰি। আনহাতে প্ৰথম বাৰৰ বাবে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱা অনুজ সিঙে কয় সাংবাদিকৰ আগত কয় যে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অধিক ধন ভৰি দিল্লীলৈ যাব নালাগে । অতি কম খৰচৰ বিনিময়ত আই কিউ এ এচ একাডেমী য়ে এনেধৰণৰ পাঠ্যক্ৰমৰ সুবিধা আগবঢ়াব লগতে communication skills ৰ ওপৰতো গুৰুত্ব দিয়া হ’ব । আলোচনা চক্ৰ খনত ডিব্ৰুগড়ৰ জিলাৰ সহকাৰী আয়ুক্ত দিবাকৰ নাথৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক পৰীক্ষা কেন্দ্ৰ পৰিচালক অধ্যাপক নৰেন্দ্ৰ লহকৰে।

Leave A Reply

Your email address will not be published.