সৰ্বানন্দ সোণোৱালক পুনৰ প্ৰধানমন্ত্ৰী মোডীয়ে দিলে আন এক গুৰুত্বপূৰ্ণ দায়িত্ব।কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মোদী মন্ত্ৰীসভাৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।সৰ্বানন্দ সোণোৱালৰ উপৰিও কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাগৰাকীও যুৱ কেবিনেট মন্ত্ৰীক।সোণোৱালৰ লগতে এই কমিটিত আছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং।উল্লেখযোগ্য যে,উত্তৰ-পূবৰ আন এগৰাকী দক্ষ মন্ত্ৰী,আইন মন্ত্ৰী কিৰেন ৰিজিজুকো প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।এই আটাইকেইটা বিভাগৰ মন্ত্ৰীক প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল