হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ নম্বৰৰে ডিষ্টিংচন লৈ চিকিৎসক হোৱাৰ লক্ষ্য উপৰহালী পৰী তালুকদাৰৰ

0 315

পলাশবাৰীৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকটন স্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ছয়টা বিষয়ত লেটাৰ নম্বৰৰে ডিষ্টিংচন লাভ কৰি পৰি তালুকদাৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। তালুকদাৰৰ এই সাফল্যত পিতৃ, মাতৃ তথা আত্মীয়ই উৎফুল্লিত হৈ পৰাৰ লগতে উপৰহালী গাঁৱৰ বাসিন্দা তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আদৰণী জনাই অনাগত সময়ত ইয়াতকৈ আৰু ভাল ফলাফল কৰিবলৈ প্ৰেৰণা যোগাই। পৰি তালুকদাৰে অনাগত দিনত চিকিৎসক হোৱাৰ লক্ষৰে গুৱাহাটী লখৰাস্থিত ছাই বিকাশ জুনিয়ৰ কলেজত নাম ভৰ্তি কৰিছে। আনকি গড়ে দৈনিক মাত্ৰ চাৰি-পাচ ঘন্টা অধ্যয়ণ কৰি পৰীক্ষা বুলি কোনো ধৰণৰ অতিৰিক্ত টেনশ্যন নোলোৱাকৈ পাঠ্যক্ৰমৰ কিতাপ পঢ়াৰ উপৰিও সমান্তৰালভাৱে বাহিৰা কেইবাজনো ইংৰাজী আৰু অসমীয়া বিখ্যাত লেখকৰ কিতাপো নিয়মীয়াভাবে পঢ়িছিল। আনহাতে বাহিৰা কিতাপ পঢ়াৰ অভ্যাস থকাৰ পিছতো পিতৃ জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা দিপক তালুকদাৰ আৰু মাতৃ পলাশবাৰী আৰ.বি. উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অজন্তা তালুকদাৰে কোনো দিনে হকাবাধা দিয়া নাছিল। অৱশ্যে কিবা বুজি নাপালে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়ত্ৰীৰ সহায় লোৱাৰ লগতে ঘৰৰ পিতৃ-মাতৃক সুধিছিল। উল্লেখযোগ্য যে, পৰি তালুকদাৰে গণিত ১০০, উচ্চ গণিত ৯৮, ইংৰাজী ৯৪, বিজ্ঞান ৯১, অসমীয়াত ৮৯, সমাজ বিজ্ঞান ৮৭ আৰু বিজ্ঞান বিষয়ত ৯১ নম্বৰ লাভ কৰে। ইফালে পৰীয়ে অধ্যয়ণ কৰা বিদ্যালয় সৰস্বতী শিক্ষা নিকেটত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা বাবে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰে।

Leave A Reply

Your email address will not be published.