দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মটো কৰ্পৰ উই কেয়াৰ চি এচ আৰ আঁচনিৰ অধীনত ৰাজ্যখনৰ শিক্ষা বিভাগৰ সহযোগত সৰ্বমুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি দিছপুৰ পি ডব্লিউ ডি কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰুপে শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে প্ৰথমে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা সেই কথাষাৰ যে অহা ২৫ বছৰৰ ভিতৰত অৰ্থাৎ দেশে যেতিয়া স্বাধীনতাৰ এশটা বছৰ সম্পূৰ্ণ কৰিব সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী নাগৰিকে আমাৰ দেশখনক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ তথা বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি যাব লাগিব। তেওঁ হিৰো মটো কৰ্পক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বা এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰাৰ বাবে অতি সোনকালে শিক্ষা বিভাগে এখনি এপেস্ক বডি গঠন কৰিব। এই অনুস্থানত আই আই ইৰ সমল ব্যক্তি সুপৰ্ণা বৰুৱাই উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন তথ্য সদৰি কৰে। এই অনুস্থানত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত , আয়ুক্ত সচিব, এম এচ মনিভন্নন, উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি, হিৰো মটো কৰ্পৰ বিষয়া বিকাশ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই