দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মটো কৰ্পৰ উই কেয়াৰ চি এচ আৰ আঁচনিৰ অধীনত ৰাজ্যখনৰ শিক্ষা বিভাগৰ সহযোগত সৰ্বমুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি দিছপুৰ পি ডব্লিউ ডি কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰুপে শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে প্ৰথমে শোক দিৱস উপলক্ষে ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা সেই কথাষাৰ যে অহা ২৫ বছৰৰ ভিতৰত অৰ্থাৎ দেশে যেতিয়া স্বাধীনতাৰ এশটা বছৰ সম্পূৰ্ণ কৰিব সেই সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী নাগৰিকে আমাৰ দেশখনক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ তথা বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি যাব লাগিব। তেওঁ হিৰো মটো কৰ্পক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰতিখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বা এই ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰাৰ বাবে অতি সোনকালে শিক্ষা বিভাগে এখনি এপেস্ক বডি গঠন কৰিব। এই অনুস্থানত আই আই ইৰ সমল ব্যক্তি সুপৰ্ণা বৰুৱাই উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি এণ্টাৰপ্ৰেনিয়াৰছিপ সম্পৰ্কীয় বিভিন্ন তথ্য সদৰি কৰে। এই অনুস্থানত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত , আয়ুক্ত সচিব, এম এচ মনিভন্নন, উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি, হিৰো মটো কৰ্পৰ বিষয়া বিকাশ শৰ্মাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত