১জুলাইৰ পৰা দেশত প্ৰৱৰ্তন হ’বলগীয়া ফৌজদাৰী আইনৰ সম্পর্কত কৰ্মশালাৰ অনুষ্ঠিত

0 27

১জুলাইৰ পৰা দেশত প্ৰৱৰ্তন হ’বলগীয়া অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন ভাৰতীয় নাগৰিক সুৰক্ষা, সংহিতা, ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় সাক্ষ্য অধিনিয়ম সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়।
উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্নাপ্ৰসাদ গুপ্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা৷ কাইলৈ পৰা প্ৰৱৰ্তন হ’ব লগা তিনিখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কি দৰে উপকৃত হ’ব,কি দৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে আইন কেইখন কাৰ্যকৰী হ’ব সেই বিষয়ে অৱগত কৰে ADGP মুন্না প্ৰসাদ গুপ্তাই।

আনহাতে আইন কেইখনত কি সুৰুঙা থাকি গ’ল, আইন কেইখনৰ ভাল আৰু বেয়া দুয়োটা দিশ সামৰি বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই।অনুষ্ঠানত সাংবাদিকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰো দিয়ে দুয়ো সমল ব্যক্তিয়ে।অনুষ্ঠানত ADGP মুন্নাপ্ৰসাদ গুপ্তাৰ অসমীয়াত দিয়া presentation ৰ প্ৰদান কৰা হ’য় সাংবাদিক সকলক ।এই কৰ্মশালাত গুৱাহাটীৰ শতাধিক সাংবাদিকেকৰে অংশগ্ৰহণ।অনুষ্ঠানৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ দুগৰাকী সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ আৰু মিতালী কোঁৱৰে। উপস্থিত থাকে প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে ধৰি কেইবাগৰাকী কাৰ্যকৰী সদস্য ।

Leave A Reply

Your email address will not be published.