১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

0 273
  • অহা ১৯ এপ্ৰিলত অনুষ্ঠিত কৰা হব গুৱাহাটী পৌৰ নিগমৰ ভোটগ্ৰহণ। আজি অসম নিৰ্বাচন আয়োগে আগন্তুক গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনী সময়সূচী ঘোষণা কৰাৰ লগে লগে কামৰূপ মাহানগৰ জিলা নিৰ্বাচনী বিষয়াই তাংক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিৰ্বাচনী বিধি ঘোষণা কৰিছে। নিৰ্বাচনী বিধি বলবৎ হোৱাৰ লগে লগে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝায়ে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰি পৌৰ নিগমৰ নিৰ্বাচনী বিধি সংক্ৰান্তত বিশদ আলোচনা কৰে। উপায়ুক্তগৰাকীয়ে পৌৰ আয়ুক্ত তথা নডেল বিষয়া সত্যজিৎ বৰা আৰু মহকুমাধিপতি ত্ৰিদিপ ৰয়কে প্ৰমুখ্য কৰি সমুহ ৰাজহ চক্ৰ বিষয়া তথা সংলগ্ন চক্ৰ বিষয়াসকলৰ দ্বাৰা এক নিৰীক্ষণ কোষ গঠন কৰি জিলাখনত তাৎক্ষণিকভাৱে নিৰ্বাচনী বিধি প্ৰয়োগ আৰু নিৰীক্ষণৰ দায়িত্ব দিয়ে। মুঠ ৬ জন প্ৰশাসনিক বিষয়াক ৬০ টা ৱাৰ্ডৰ সহকাৰী নিৰ্বাচনী বিষয়া হিচাপে নিয়োগ কৰা হৈছে। অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসক ক্ৰমে ১ৰ পৰা ১০ নং ৱাৰ্ড, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসক ক্ৰমে ১১ পৰা ২০ নং ৱাৰ্ড, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সত্যজ্যোতি বৰুৱাক ক্ৰমে ২১ পৰা ৩০ নং ৱাৰ্ডলৈ, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাক ক্ৰমে ৩১ ৰ পৰা ৪০ নং ৱাৰ্ড, অতিৰিক্ত উপায়ুক্ত ডা: ধ্ৰুৱজ্য়োতি হাজৰিকাক ৪১ ৰ পৰা ৫০নং ৱাৰ্ড আৰু গুৱাহাটী পৌৰনিগম উন্নয়ন প্ৰাধিকৰণৰ সচিব মানালী জৈনক ক্ৰমে ৫১ পৰা ৬০ নং ৱাৰ্ডৰ সহকাৰী নিৰ্বাচনী বিষয়াৰ দায়িত্ব অৰ্পন কৰা হৈছে। প্ৰাৰ্থীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্বাচন শাখাৰ পৰা পুৱা ১১ বজাৰ পৰা ৪. ৩০ বজালৈকে মানোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৩০ মাৰ্চৰ পুৱা ১১ বজাৰ পৰা ৩ বজালৈ। অহা ১ এপ্ৰিলত পৰীক্ষণৰ পিছত সেই দিনাই মনোনিত প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰা হ’ব। মনোয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ৪ এপ্ৰিল (বিয়লি ৩ বজাৰ আগত)। আনহাতে ১৯ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত ২১ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা ভোট গণনা কৰা হ’ব। প্ৰাৰ্থীসকলৰ নিৰূপিত যোগ্যতা এনে ধৰণৰ- প্ৰাৰ্থীৰ দুজনকৈ অধিক জীৱিত সন্তান থাকিব নোৱাৰিব। অৱশ্যে গুৱাহাটী পৌৰনিগম (সংশোধনী) আইন, ২০১৯ ৰ কাৰ্যকৰী হোৱাৰ আগতে থকা সন্তানৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ লগত এই আইন প্ৰযোজ্য নহ’ব। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত অনুসুচিত জাতি, জনজাতি, অন্য়ান্য পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত হায়াৰ ছেকণ্ডেৰী আৰু আন আন প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত স্নাতক হ’ব লাগিব। যদিহে প্ৰাৰ্থীৰ চেনিটেৰী লেট্ৰিন নাথাকে তেওঁৰ প্ৰাৰ্থীত্ব গ্ৰহণযোগ্য নহ’ব।
Leave A Reply

Your email address will not be published.