গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত শনিবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা সফুৰাৰ সম্পাদক ৰূপম বৰুৱাক ২০২৩ বৰ্ষৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ৫০ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, ভাৰতমাতাৰ ছবি আদি৷ নাৰদ জয়ন্তী উপলক্ষে একেটা অনুষ্ঠানতে দৈনিক অসম কাকতৰ চীফ ৰিপোৰ্টাৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী, আমাৰ অসম কাকতৰ চীফ ৰিপৰ্টাৰ সাম্য ভৰদ্বাজ আৰু গুৱাহাটী দূৰদৰ্শনৰ জ্যেষ্ঠ ষ্টাফ ৰিপোৰ্টাৰ শেৱালি কলিতাক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। বিশ্ব সংবাদ কেন্দ্র, অসমৰ উদ্যোগত অনুষ্ঠিত দেৱৰ্ষি নাৰদ জয়ন্তীত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহ প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰ। নিজৰ ভাষণত তেওঁ কয় – যুগল কিশোৰ শৰ্মাই কলকাতাৰ পৰা তাহানিতে নাৰদ জয়ন্তীত কাকত প্ৰকাশ বা দাদাচাহেব ফাল্কেই ৰজা হৰিশ্চন্দ্ৰ ছবি নিৰ্মাণ কৰি দেশাত্মবোধক জনজাগৰণলৈ পৰিণত কৰিছিলে৷ দেশৰ স্বাভিমান, ঐতিহ্য আৰু ভৱিষ্যৎ দৰ্শন সাংবাদিকতাৰ প্ৰতিভু।কোভিদ কালৰ সাংবাদিক সকলে সাহসীকতাৰে নিজৰ সেৱা আগবঢ়াই সাহসৰ প্ৰতীক হৈ পৰিছে। নেতিবাচক বাতৰিক সমাজে সদায় নাকচ কৰি আহিছে। নাৰদ জয়ন্তী বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই কয়- সৰস্বতী বঁটা- অৰ্জুন বঁটা বা ইউৰোপৰ হাৰকিউলিচ, অলিম্পিক খেল আদিয়ে একোটা সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে৷ অনুষ্ঠানত গুৰুপ্ৰসাদ মেধি, কিশোৰ শিৱম, নৱ ঠাকুৰীয়া, উৎপল দত্ত আদি বিশ্ব সংবাদ কেন্দ্ৰ (অসম)ৰ দায়িত্ববাহী সকল উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে ভাৰত মাতা আৰু দেৱৰ্ষি নাৰদৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয়। অনুষ্ঠানত নাৰদ প্ৰশস্তি পৰিবেশন কৰে শিল্পী শৰৎ ৰাগে৷ উল্লেখ্য যে বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদে সমাজক সজাগ সচেতন কৰাৰ ক্ষেত্ৰত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল ৷ এনে এক ভাবাদর্শৰে বিশ্ব সংবাদ কেন্দ্র, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান আৰু বঁটা তথা সম্বৰ্দ্ধনা অনুষ্ঠান প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে৷
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta