৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

0 174

জলবায়ু পৰিবৰ্তন আমাৰ পৃথিৱীৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান।অসম সদায়ে বন্যপ্ৰাণী, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰে ধন্য হৈ আহিছে। আধুনিক যুগত আমাৰ বন আৰু বন্যপ্ৰাণীক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। তাৰ বাবে বন বিভাগে উদ্যমেৰে মানুহৰ বাসস্থানৰ বাবে আমি হেৰুৱাই পেলোৱা সেই অঞ্চলবোৰ পুনৰ বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে মানুহ- প্ৰাণীৰ সংঘাত হ্ৰাস পাব পাৰে।” পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সভাগৃহত আয়োজিত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আজি এনেদৰে কয় ।

অট্টালিকা আৰু পকী ঘৰ সমূহৰ অবাধ নির্মাণে জলাশয় আৰু প্ৰাকৃতিক পৰিৱেশৰ বহু পৰিমাণে ক্ষতি কৰিছে বুলি কৈ বনমন্ত্রীগৰাকীয়ে অসমত বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ প্রয়াসত চৰকাৰৰ সৈতে সহযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ অমৃত বৃক্ষ আন্দোলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ এদিনতে ১ কোটিতকৈ অধিক গছপুলি ৰোপণ সম্ভৱপৰ হৈছিল আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গণ অংশগ্ৰহণৰ এয়া এক উজ্জ্বল নিদৰ্শন । তেওঁ বনাঞ্চলৰ ভিতৰত ফলমূলৰ গছ ৰোপণ কৰাৰ পোষকতা কৰে যাতে বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নহয় আৰু বন্যজন্ত- মানুহৰ সংঘাত ৰোধ কৰিব পৰা যায় ।

কভিডৰ সময়ত অক্সিজেনৰ অভাৱৰ কথা সোঁৱৰাই পাটোৱাৰীয়ে কয় যে ঔদ্যোগীকৰণ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ফলত হোৱা প্ৰকৃতিৰ বিনষ্টিকৰণৰ ক্ষতিপূৰণ কৰিবলৈ মানৱ সমাজে গছক অগ্ৰাধিকাৰ দিব লাগিব। তেওঁ লগতে জিলা কৰ্তৃপক্ষ সমূহে বনাঞ্চলত নতুনকৈ মানৱ বসতি স্থাপনৰ অনুমতি নিদিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণত পাটোৱাৰীয়ে বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অত্যন্ত কঠিন পৰিস্থিতিত নিষ্ঠাৰে কাম কৰা বনকৰ্মীসকলৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু কয় যে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকহে প্ৰকৃত নায়ক ।

অসমৰ বনাঞ্চল বৰ্তমানৰ ৩৬%ৰ পৰা ৩৮%লৈ বৃদ্ধিৰ ৰাজ্য চৰকাৰৰ লক্ষ্য পুনৰবাৰ উল্লেখ কৰি পাটোৱাৰীয়ে বন বিভাগৰ সকলো স্তৰৰ বিষয়াক এই দিশত নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে মন্তব্য কৰে যে বৰটোকোলা, শগুন আদিৰ দৰে প্ৰজাতি মানুহৰ কাৰ্য্যৰ বাবে বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়।

বনমন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানতে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা ফটোগ্ৰাফী, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে। তেওঁ কেইবাগৰাকীওঁ বন বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওঁৱা নিহত বন বিষয়াৰ পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে।

আজিৰ সভাত অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এম কে যাদৱ, প্ৰাক্তন মুখ্য বন সংৰক্ষক হিৰণ্য চৌধুৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.