ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ বায়ু শাখাৰ অতি সন্মানীয় শিবিৰ হিচাপে স্বীকৃতি লাভ কৰা এয়াৰফৰ্চ এটাছমেণ্ট শিবিৰত উত্তৰ পূব মণ্ডলৰ কেবাখনো ৰাজ্যৰ পৰা ছিনিয়ৰ ডিভিজনৰ ১২ জন কেডেট নিৰ্বাচিত হৈছিল। এই নিৰ্বাচিত কেডেট সকলৰ বাবে এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ উদ্যোগত বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনা ষ্টেছনত ২৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত বাৰদিনীয়া শিবিৰৰ ৬ অক্টোবৰত সামৰণি পৰে। ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ এইছ উপাধ্যায়ৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাৰতীয় বায়ু সেনাৰ বিষয়া সকলে কেডেট সকলক যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল , মেপ ৰিডিং, বন্দুক চালনা, পেৰা ট্ৰূপিং, ড্ৰিল , শাৰীৰিক অনুশীলন, এৰো মডেলিং, পেৰা গ্লাইদিং, পেৰাছুটিং , আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। তেনেদৰে দেশৰ সশস্ৰ বাহিনী সমূহত কিদৰে ভৰ্তি হৈ দেশমাতৃক সেৱা কৰিব পাৰি তাৰো প্ৰশিক্ষণ দিয়া হয় । আনকি কেডেট সকলক হেলিকপ্টাৰ , যুদ্ধ বিমান আদিৰ সহায়ত যুদ্ধৰ সময়ত শত্ৰুৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমুহৰ বিষয়েও প্ৰশিক্ষণ দিয়া হৈছিল।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ