নামনি অসমৰ অন্যতম প্ৰাচীন ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ এইবেলি ৮৬ সংখ্যক বাৰৰ বাবে অনুষ্ঠিত হ’ব। অহা ২৬ নৱেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে হবলগীয়া ৰাস মহোৎসৱৰ কাম-কাজ শৃংখলাবদ্ধতাৰে আগুৱাই নিবলৈ কালি ৰাস মহোৎসৱস্থলীৰ সমীপতে এটা অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়।কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীশ্ৰী খিদিৰপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱানন্দ গোস্বামীয়ে। তদুপৰি ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা উপহাৰ কুপন খেলখনৰো টিকট অস্থায়ী কাৰ্যালয়তে মুকলি কৰা হয়। উপহাৰ কুপনৰ টিকট দ্বৈতভাৱে মুকলি কৰে ৰামপুৰৰ সমাজহিতৈষী প্ৰভাষ চন্দ্ৰ চৌধুৰী আৰু ছয়গাঁৱৰ সামাজিক কৰ্মী প্ৰদীপ দাসে। এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে ৮৬ সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দেৱজিৎ দাসে। উদযাপন সমিতিৰ অগ্ৰণী কৰ্মকৰ্তা মুকুট কলিতা আৰু অসীম দাসে আঁত ধৰা সভাখনত নাট্যকাৰ ভাৰত দাসে গৌৰৱোজ্জ্বল ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ সফল কৰিবলৈ অঞ্চলৰ প্ৰতিটো পৰিয়াল দায়বদ্ধ হোৱাটো প্ৰয়োজন বুলি মতপোষণ কৰে। আনহাতে, সভাখনত বক্তব্য ৰাখি জ্যেষ্ঠ সাংবাদিক বিমল শৰ্মাই যিসকল মহানুভৱ আৰু ধৰ্মপ্ৰাণ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰাক-স্বাধীনতা কালতে ৰামপুৰত শ্ৰীকৃষ্ণৰ ভক্তি মাৰ্গ প্ৰচাৰৰ বাবে ৰাসোৎসৱৰ আয়োজন সম্ভৱ হৈ উঠিছিল,তেওঁলোকক কৃতজ্ঞতাৰে স্মৰণ কৰে। সভাখনত প্ৰভাষ চন্দ্ৰ চৌধুৰী, ৰামপ্ৰসাদ দাস আদি কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকেও চমুকৈ শুভেচ্ছামূলক ভাষণ দিয়ে। ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমল দাস, সাধাৰণ সম্পাদক অপূৰ্ব দাস, জ্যেষ্ঠ কৰ্মকৰ্তা দীনেশ দাস, ধীৰেন মজুমদাৰ, প্ৰসন্ন দাস, দ্বীজেন মহন্ত, ত্ৰিৰংগ শৰ্মা, বিমল কলিতাকে ধৰি শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত হোৱা সভাখনত যথেষ্টসংখ্যক উপহাৰ কুপনৰ টিকট বিক্ৰী কৰা হয়।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই