অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বিজন দেবৰয় আৰু সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৱে জাতি, ধর্ম, ভাষা, সম্প্রদায় নির্বিশেষে অসমত বাস কৰা সকলো জাতি, জনগোষ্ঠী ৰাইজৰ মাজত শান্তি, সম্প্রীতি, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীদাল, অধিক, সূদৃঢ় হব বুলি আশা ব্যক্ত কৰিছে। আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনেও এক বিবৃতিত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসেৱাত থকা ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখায়ো অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰা বুলি জানিবলৈ দিছে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান