ৰঙিয়াত অবৈধ ৰেচন কাৰ্ড ব্যৱহাৰকাৰীলৈ মহকুমা প্ৰশাসনৰ জাননী-অযোগ্য হিতাধিকাৰীৰ কাৰ্ড ১৫ মাৰ্চৰ ভিতৰত জমা দিবলৈ আহ্বান

0 201

ৰঙিয়া মহকুমাত অবৈধভাৱে ৰেচন কাৰ্ড ব্যৱহাৰ কৰি থকা চৰকাৰী চাকৰিয়াল আৰু পেন্সনাৰসকললৈ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা এক জৰুৰী জাননী জাৰি কৰা হৈছে। এই জাননী অনুসৰি যিসকল চৰকাৰী চাকৰিয়াল আৰু পেন্সনাৰে এতিয়াও তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়া নাই, তেওঁলোকক অহা ১৫ মাৰ্চৰ ভিতৰত নিশ্চিতভাৱে মহকুমা প্ৰশাসনৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনোৱা হৈছে। অন্যথা সেইসকল লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি অন্যায়ভাৱে ব্যৱহাৰ কৰা চাউলৰ মূল্য তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।

আনহাতে, মহকুমাটোৰ আৰ্থিকভাৱে স্বচ্ছল যিসকল লোকে এতিয়াও তেওঁলোকৰ নামত থকা ৰেচন কাৰ্ডসমূহ ওভতাই দিয়া নাই, তেওঁলোককো তৎকালীনভাৱে এই কাৰ্ডসমূহ ঘূৰাই দিবলৈ ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে, ভা: প্ৰ: সে:, আহ্বান জনাইছে। মহকুমাটোৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ স্বাৰ্থত গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই সকলোৱে ৰঙিয়া মহকুমাৰ উন্নয়নত বৰঙণি যোগাব বুলিও ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে।

ইফালে, ৰেচন কাৰ্ডৰ সৈতে হিতাধিকাৰীৰ আধাৰ কাৰ্ড চিডিঙত গাফিলতি প্ৰদৰ্শন কৰা একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে প্ৰশাসন । ৰঙিয়া মহকুমাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি অহা ১৫ মাৰ্চৰ ভিতৰত সুলভ মূল্যৰ দোকানত ৰেচন কাৰ্ডৰ সৈতে হিতাধিকাৰীৰ আধাৰ কাৰ্ড চিডিং সম্পূৰ্ণ কৰিব লাগিব ।‌ অন্যথা, দুৰ্বলতা প্ৰদৰ্শন কৰা সুলভ মূল্যৰ দোকানক তৎকালীন ভাৱে নিলম্বন অথবা অন্য দোকানৰ সৈতে সম্পৃক্ত কৰা হ’ব বুলি নিৰ্দেশনাটোত জনোৱা হৈছে ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.