ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে দেশভক্তি দিৱস উদযাপন

0 228

ৰাজ্যৰ অন্যান্য জিলা আৰু মহকুমা সদৰৰ লগতে ৰঙিয়াতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশভক্তি দিৱসৰ আয়োজন কৰা হয়। মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ সহযোগত বিদ্যালয়ৰ সভাঘৰত আয়োজিত এই দিৱসত দেশভক্ত তৰুণৰাম ফুকনক তেওঁৰ পৱিত্ৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। পুৱা ৬ বজাত জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্রযোগে ৰঙিয়া চহৰত দেশপ্রেমমূলক গীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পুৱা ৯ বজাত বিদ্যালয় চৌহদত বকুল আৰু কৰদৈ গছৰ দুটি পুলি ৰোপণ কৰে প্ৰধান শিক্ষক দুলাল শৰ্মাই। পুৱা ১১ বজাৰ পৰা ৰঙিয়া কুইজিং চার্কিটৰ পৰিচালনাত অনুষ্ঠিত হয় এখনি মুকলি কুইজ প্রতিযোগিতা। দেশৰ মুক্তি সংগ্ৰাম আৰু অসম শীৰ্ষক বিষয়বস্তুৰ এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে প্ৰপালিকা কলিতাই। ৰিঞ্জুল আলী আৰু প্ৰীতম দাসে যুটীয়াভাৱে দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে তৃতীয় পুৰস্কাৰ আগবঢ়োৱা হয় সাতগৰাকী অংশগ্ৰহণকাৰীলৈ। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা মূল সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে। অনুষ্ঠানত পূব কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক পবিন কলিতাই “স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু অসম” শীৰ্ষক বিষয়ত এক তত্বগধুৰ ভাষণ প্ৰদান কৰে। নতুন প্ৰজন্মৰ মননত দেশাত্মবোধৰ ভাবনা জগাই তোলাৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশিষ্ট স্বাধীনতা সংগ্ৰামীগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ এক বিস্তৃত অৱলোকন দাঙি ধৰে। স্বাধীনতাৰ ৭৫ টা বছৰৰ এই পৱিত্ৰ মুহূৰ্ত্তত দেশভক্ত তৰুণৰাম ফুকনে দেখুৱাই যোৱা মহৎ আদৰ্শৰে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত মহকুমাধিপতিগৰাকীৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ৰঙিয়া পৌৰসভাৰ উপ-পৌৰপতি বিদ্যুৎ ডেকা তথা সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক দুলাল শৰ্মায়ো দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিচাৰণ কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত আৰু এটি দেশপ্ৰেমমূলক নৃত্য পৰিবেশন কৰাৰ লগতে জনসংযোগ বিভাগৰ জ্যেষ্ঠ সহায়ক পৱিত্ৰ মেধিয়েও এটি দেশপ্ৰেমমূলক গীত পৰিবেশন কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে আৰম্ভ হোৱা সভাত দেশভক্তৰ এক দৃশ্য-শ্ৰাব্য জীৱনালেখ্য প্ৰদৰ্শনৰ লগতে “আৱৰণ” আৰু “প্লীডজ” নামৰ দুখন দেশপ্ৰেমমূলক ছুটিছবিও প্ৰদৰ্শন কৰা হয়। ৰঙিয়াৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই আঁত ধৰা আজিৰ অনুষ্ঠানত ৰঙিয়াৰ নিৰ্বাচনী বিষয়া নীল হড়িৎ কৌশিক, চক্ৰ বিষয়া (সং) অনন্যা চৌধুৰীও উপস্থিত থাকে প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটাসমূহো বিতৰণ কৰে। বিদ্যালয়খনৰ বিশিষ্ট শিক্ষক, কুইজ পৰিচালক মোস্তাফা কামাল আৰু বিশিষ্ট ক্ৰীড়া সংগঠক পহৰেদ আলী আহমেদে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা এই অনুষ্ঠানত সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল, জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল তথা ৰঙিয়াৰ বহুকেইগৰাকী সংবাদকৰ্মী উপস্থিত থাকে।সন্ধ্যা পুনৰবাৰ জনসংযোগ বিভাগৰ স্থিৰ অনুভাষ যন্ত্রযোগে দেশপ্রেমমূলক গীত পৰিৱেশনেৰে আজিৰ এই দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.