ৰঙিয়া পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা – বিজেপিৰ ৮ টা আৰু কংগ্ৰেছৰ ২ টা ৱাৰ্ডত জয়লাভ

0 215

ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে ৮টা আৰু কংগ্ৰেছে ২ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে ৷আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰঙিয়া পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়৷ গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ ৰঙিয়া পৌৰসভাৰ ৮টা ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ২টা ৱাৰ্ডত ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ) প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয় । ৰঙিয়া পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীৰ তালিকাখন হ’ল

১ নং ৱাৰ্ড- অমৰেন্দ্ৰ লহকৰ (বিজেপি)

২ নং ৱাৰ্ড- বিউটি বেগম (বিজেপি)

৩ নং ৱাৰ্ড- গুনমনি বড়ো (বিজেপি)

৪নং ৱাৰ্ড- মিতালী ডেকা (বিজেপি)

৫ নং ৱাৰ্ড —গুঞ্জন দাস ( বিজেপি)

৬ নং ৱাৰ্ড- উত্তম পাল (বিজেপি)

৭ নং ৱাৰ্ড – পূৰবী দাস (বিজেপি)

৮ নং ৱাৰ্ড — বিদ্যুৎ ডেকা (বিজেপি)

৯ নং ৱাৰ্ড –চানোৱাৰা বেগম (কংগ্ৰেছ)

১০ নং ৱাৰ্ড—ৰেচমা আহমেদ (কংগ্ৰেছ)

ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বিজয়ী প্ৰাৰ্থীসকলক আজি বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতা দেৱ আৰু অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশ, ভা: প্ৰ: সে:,ৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰে নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিকে । অনুষ্ঠানত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, সহকাৰী আয়ুক্তদ্বয় চম্পক ডেকা, অম্লান বৈশ্য, কঞাঁ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়া অনন্যা চৌধুৰী, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, উপ-পঞ্জীয়ক মনজিৎ কুমাৰ দাস উপস্থিত থাকে ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.