গহপুৰৰ ৰমানন্দ ক্ষেত্ৰ উখল- মাখল। কাৰণ আজিৰে পৰা চাৰিদিনীয়া কাৰ্য্যসুচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৬ সংখ্যক বাৰ্ষিক অধিবেশন। উল্লেখযোগ্য যে এই আধিবেশনৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বিভিন্ন ধৰ্মীয় আলোচনাচক্ৰ, স্মৃতি গ্ৰন্থ উন্মোচন, বৃক্ষ ৰোপণ অন্তৰংগ আলাপ আদিবোৰ অনুষ্ঠিত হ’ব। এই অধিবেশনতে নতুন কাৰ্য্যনিবাহক কমিটি গঠন হোৱাৰ লগতে শিশু সকলৰ আমোদৰ বাবে বিভিন ধৰণৰ হস্ত নিৰ্মিত জন্তু প্ৰদৰ্শন ব্যৱস্থা কৰিছে। ইতিমধ্যে অসমৰ লগতে উত্তৰপুবৰ আৰু বাহিৰৰ প্ৰায় ২ লাখ ভক্ত সমাগম হৈছে। ভক্ত সকলক আদৰিবৰ বাবে স্থানীয় মহিলা সকলৰ লগতে সকলো ব্যস্ত হৈ পৰা দেখা গৈছে। স্মতৰ্ব্য যে প্ৰায় ২০ লাখ ভক্ত সমাগম হ’ব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে। প্ৰায় ৪ ফুট উচ্চতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তিয়ে সকলোকে আকৰ্ষণ কৰিছে। অধিবেশনত ধৰ্মধ্বজা উত্তোলন হ’ব অধিবেশনৰ তৃতীয় দিনা।
2 Comments


জয় গুৰু শংকৰ
জয় গুৰু শংকৰ
জয় গুৰু শংকৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ ৮৬তম বাৰ্ষিক অধিৱেশনৰ সমূহ ভক্ত প্ৰাণ ৰাইজকে শুভেচ্ছা জ্ঞাপণ কৰিলোঁ।
জয় গুৰু শংকৰ