বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে প্ৰায় অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, বৰপেটা, দৰং, মৰিগাঁও আৰু নলবাৰী জিলাৰ প্ৰায় মুঠ ১৫ খন গাঁৱৰ সাত হাজাৰ পৰিয়ালৰ মাজত যোৱা ২৭ জুনত সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল। এই সাহাৰ্য বিতৰণৰ ১৮ জুলাইত আনুষ্ঠানিকভাৱে অন্ত পৰে। বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা, মূখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, আদানী ফাউণ্ডেশ্যনৰ জেষ্ঠ বিষয়া জয়ন্ত মহান্তিকে আদি কৰি গোপীনাথ বিমানকোঠৰ বিভাগীয় মুখ্য বিষয়া সকলৰ সহযোগত প্ৰত্যেকখন জিলাৰ বান বিধস্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল, আটা, চেনী, চাহপাত, বিস্কুট, গাখীৰ, আলু, নিমখ, হালধি, চিৰা, মুৰী, চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। এই সাহাৰ্য প্ৰদান কৰি গুৱাহাটী বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে, অসমৰ এনে দুৰ্দশাগ্ৰস্ত সময়ত, আদানী ফাউণ্ডেচনৰ চেয়াৰমেন প্ৰীতি আদানিয়ে অসমবাসীৰ হিতৰ বাবে শীঘ্ৰেই লোৱা এনে মহান পদক্ষেপক মই অতি প্ৰশংসা কৰিছো। বান বিধস্ত গঞাক এনেধৰণৰ সহযোগীতা আগবঢ়াবলৈ আমাক দিয়া সুবিধাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি প্ৰকাশ কৰে বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ