কৰ্ণাটকত অনুষ্ঠিত পোন্ধৰ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেন্টছ এণ্ড আর্ট টিচাৰ্ছ আর্ট প্রতিযোগিতা (২০২২)-ত অংশগ্ৰহণ কৰি নগাঁৱৰ ৰিচিতা ভট্টাচাৰ্য্যই কলা ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত ৰিচিতা ভট্টাচাৰ্য্যই সোণৰ পদক লাভ কৰিছে।নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্রাফটত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰি থকা ৰিচিতা নগাৱঁৰ মিছন উচ্চ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে ললিথাকলা চেন্টাৰ ফৰ ভিজুৱেল আর্টে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পর্যায়ৰ প্রতিযোগিতা আয়োজন কৰি আহিছে। এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাখনত তামিলনাড়ু, মহাৰাষ্ট্ৰ,গুজৰাট,অসম,নতুন দিল্লী আদিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।নগাঁৱৰ কাৰিকৰী শিক্ষা মহাবিদ্যালয়ৰ সমীপৰ বিশ্বজিৎ ভট্ৰাচাৰ্য আৰু বৈশালী ভট্ৰাচাৰ্যীৰ সন্তান ৰিচিতাই পূৰ্বেও বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা