ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ

0 66

অসমৰ শিল্প-সাহিত্যৰ অমৰ প্ৰতিভা, যুগস্ৰষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমূল্য সৃষ্টিৰাজি গৱেষণা তথা শৈক্ষিক দিশত ব্যৱহাৰৰ উদ্দেশ্যে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণৰ উদ্দেশ্যে ৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু মহান শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড⁰ ভাৰতী ভড়ালী তথা ছাত্ৰী সংগীতা বৰাৰ ‘জয়মতী’ চলচ্চিত্ৰ সম্পৰ্কীয় গৱেষণাৰ সময়ত লাভ কৰা চলচ্চিত্ৰ পাণ্ডুলিপি, চিঠিপত্ৰ, নাটক, কবিতা আৰু অন্যান্য দুষ্প্ৰাপ্য নথিপত্ৰসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণ কৰাৰ দিশে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে, “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ কেৱল এজন শিল্পী নহয়, তেওঁ অসমীয়া জাতিৰ আত্মাৰ কণ্ঠস্বৰূপ। তেওঁৰ চলচ্চিত্ৰ, সাহিত্য আৰু সৃষ্টিসমূহত অসমৰ সামাজিক, সাংস্কৃতিক আৰু মানৱিক চেতনাৰ এক জীৱন্ত আৰু গভীৰ প্ৰতিফলন প্ৰতীয়মান হয়। এনে অমূল্য বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো কেৱল এক শৈক্ষিক দায়িত্ব নহয়, ই আমাৰ জাতিগত দায়িত্ব।
এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দুষ্প্ৰাপ্য আৰু অমূল্য সৃষ্টিসমূহ সু-সংগঠিতভাৱে সংৰক্ষণ, নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকৰ বাবে সহজলভ্য কৰাৰ দিশে এক দৃঢ় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে। আশা কৰিছোঁ, উক্ত পদক্ষেপে অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব।”

‘Preservation and Documentation of the Original Works of Jyotiprasad Agarwala’ শীৰ্ষক প্ৰকল্পৰ জৰিয়তে সংগ্ৰহ আৰু নথিভুক্ত কৰা সকলো সামগ্ৰী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পুৰণি পাণ্ডুলিপি সংৰক্ষণ শাখাৰ অধীনত যথাযথভাৱে সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ কৰা হ’ব তথা পৰৱৰ্তী সময়ত সকলোৰে বাবে উপলব্ধ হ’ব।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উক্ত উল্লেখযোগ্য পদক্ষেপৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। ড⁰ ভাৰতী ভড়ালীয়ে উল্লেখ কৰে যে, “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়ালবৰ্গই গুৱাহাটী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰূপকোঁৱৰদেৱৰ দুষ্প্ৰাপ্য আৰু অমূল্য সৃষ্টিসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ, বৈজ্ঞানিক পদ্ধতিত নথিভুক্তকৰণ আৰু ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ পথ সুগম হৈছে। এই বুজাবুজিৰ চুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক দায়িত্ববোধৰ এক উজ্জ্বল নিদৰ্শন আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ। উক্ত কৰ্মত বিভিন্ন ক্ষেত্ৰত সহায় কৰা সকলো ব্যক্তিক তথা ছাত্ৰী সংগীতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সন্মানীয় পৰিয়ালবৰ্গ, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড⁰ প্ৰশান্ত ডেকা, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড⁰ চন্দন কুমাৰ গোস্বামী, অধ্যাপক অংকুৰণ দত্ত, পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ সঞ্চালক অধ্যাপক প্ৰাঞ্জল শইকীয়া, উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ড⁰ সঞ্জয় কুমাৰ দত্ত, উপাচাৰ্যৰ সচিব আৰু জনসম্পৰ্কৰক্ষী বিষয়া ড⁰ মৃণাল জ্যোতি ডেকা, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.