ভাৰতীয় চাহ বৰ্ডৰ Tea Development Promotion Scheme ৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কক যান্ত্ৰিক সা-সামগ্ৰী বিতৰণ

0 222

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলত বৃহত্তৰ ৰঙাচকুৱাত আজি তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ৰ ভাৰতীয় চাহ বৰ্ডৰ Tea Development Promotion Scheme ৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কক যান্ত্ৰিক সা-সামগ্ৰী বিতৰণ কাৰ্যসূচী সম্পন্ন । ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ গঠিত ইভাৰ গ্ৰীণ আত্ম সহায়ক গোটৰ অধিনষ্ঠ জীয়া ভৰলী টি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ নামত ভাৰতীয় চাহ বৰ্ড তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ জৰিয়তে কোম্পানীৰ অন্তৰ্ভুক্ত চাহ খেতিয়কসকলক চাহ খেতিৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী বিতৰণ কৰা হয়।উক্ত বিতৰণ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে এই অত্যাধুনিক সামগ্ৰীৰ জৰিয়তে আপোনালোকে চাহ খেতিত নিজেই ব্যৱহাৰ কৰি উন্নতমানৰ চাহ খেতি কৰিব পাৰিব । লগতে সকলো সামগ্ৰী প্ৰাপক কৃষকসকলক আগন্তুক দিনত সা সামগ্ৰী সমুহ কেনেদৰে ব্যৱহাৰ কৰিব সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।তেজপুৰ চাহ মাণ্ডলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া ধিৰাজ শইকীয়াৰ লগতে জীয়া ভৰলী টি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ খগেন ভূঞা, মুখ্য কাৰ্যালয়ৰ কাৰ্যবাহী বিষয়া নিলকমল নেৱাৰ, ইভাৰ গ্ৰীণ আত্ম সহায়ক গোটৰ সভাপতি ৰাজ কুমাৰ নেৱাৰ, সম্পাদক খগেন ভূঞাৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.