GIMT ৰ আন এক পদক্ষেপ

0 271

অসমৰ আগশাৰীৰ উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ অন্যতম প্রতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী আৰু একে চৌহদতে থকা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰমাচিউটিকেল চায়েঞ্চ য়ে ক্রমে ২০০৬ আৰু ২০০৭ চনৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্রত সেৱা আগবঢ়াই আহিছে ।IMG-20170209-WA0026

শিক্ষাৰ ক্ষেত্রত সেৱা আগবঢ়োৱাৰ বাদেও প্রতিষ্ঠান দুটাই বিগত সময়চোৱাত সামাজিক প্রগতিত বাধাৰ প্রাচীৰ সৃষ্টি কৰিব পৰা কাৰক কিছুমানক চিনাক্ত কৰি তাৰ ওপৰত অভ্যন্তৰীণ অধ্যয়ন চলাই সমস্যা সমূহ লাঘব কৰিবলৈ চেষ্টা চলাই আহিছে । বাটৰ নাট, বৃক্ষ ৰোপণ, ৰক্ত দানৰ সজাগতা শিবিৰ, দুখীয়াৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ, স্বচ্ছ ভাৰতৰ সজাগতাৰ বাবে এণ্ড্ৰইড ম’বাইল এপ্ আদি বিভিন্ন পদক্ষেপ লোৱাৰ বাদেও শেহতীয়াকৈ ‘গড়ভঙা’ ৰ দৰে কামৰূপ মহানগৰ এখন অতিকৈ পিছপৰা গাওঁক ম’ডেল গাৱলৈ উন্নীত কৰিবৰ বাবে প্রকল্প হাতত লৈছে ।

IMG-20170209-WA0027

প্রতিষ্ঠান দুটাই নিজৰ বাৰ্ষিক ক্রীড়া আৰু সাংস্কৃতিক উৎসৱটোৰ জড়িয়তেও প্রত্যেকবাৰে অসমত এক সামাজিক আৰু সাংস্কৃতিক সমন্বয়ৰ ভেঁটি গঢ়িবলৈ প্রচেষ্টা চলাই আহিছে । চলিত বৰ্ষৰ ১৩ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সমন্বয়ৰ উৎসৱ ‘EUPHUISM’ Yauvana- strength behind nation building য়ে যুৱ শক্তিক দেশৰ মূল চালিকা শক্তিৰ আধাৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে । যুৱ মানসিকতা আৰু যুৱ উদ্যমে দেশৰ বিকাশত অগ্রণী ভূমিকা লৈ আহিছে । সেয়েহে যুৱ উশৃংখলতাত উদগণি জনোৱা কাৰক সমূহক বিৰোধিতা কৰি এক সুস্থিৰ বৌদ্ধিক চিন্তাধাৰাৰে দেশৰ উন্নতিৰ হকে যুৱ শক্তিক আগবাঢ়ি আহিবলৈ আহ্বান জনাই অহা ১৩ ফেব্রুৱাৰীৰ দিনা ‘মাৰাথান দৌৰ’ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসমৰ ভিন্ন প্রান্তৰ ছাত্র ছাত্রীয়ে ভাগ ল’বলগীয়া এই দৌৰে শান্তি, সম্প্রীতিৰ লগতে প্রগতিৰ বাৰ্তাবাহক হ’বলৈ যুৱশক্তিক আহ্বান জনাব। এই মাৰাথন দৌৰ প্রতিযোগিতা খনিৰ উদ্বোধন কৰিব আন্তঃৰাষ্ট্রীয় খ্যাতি সম্পন্ন এথলেটিক টাইবুন নিচা আৰু এভাৰেষ্ট বিজয়ী মানস বৰুৱাৰ দলে। প্রতিযোগিতাখনিৰ পুৰুষ আৰু মহিলাৰ দুয়োটা শাখাতে সমানে সমানে পুৰস্কৃত কৰা হ’ব। প্রথম পুৰস্কাৰ ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫০০০ টকা ধাৰ্য্য কৰা হৈছে ।

IMG-20170209-WA0025

তাৰোপৰি ২৩ ফেব্রুৱাৰীৰ পৰা ২৫ ফেব্রুৱাৰীলৈ হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান সমূহেও অসমৰ ভিন্ন প্রান্তৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্রীক একত্রিত কৰি সাংস্কৃতিক সমন্বয়ৰ জৰিয়তে প্রগতিৰ বাৰ্তা বহন কৰিবলৈ আহ্বান জনাব । বাৰেবৰণীয়া এই সাংস্কৃতিক অনুষ্ঠানত ‘EUPHUISM’ য়ে অসমৰ ছাত্র ছাত্রী সকলক প্রতিভা বিকাশৰ এখন মঞ্চ দি আহিছে । সাংস্কৃতিক আৰু ক্রীড়াৰ বাদেও দিচপুৰস্থিত শ্রীমন্ত শংকৰ একাডেমী কণিষ্ঠ মহাবিদ্যালয়ত ১৯ ফেব্রুৱাৰীৰ দিনা সদৌ অসম ভিত্তিত আন্তঃবিদ্যালয় এখনি চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে । লগতে আন্তঃমহাবিদ্যালয় বিশ্ববিদ্যালয় কিছুমান কাৰিকৰী প্রতিযোগিতাইও ‘EUPHUISM’ ৰ সৌষ্ঠৱ বৃদ্ধিত সহায়ক হ’ব। ২৪ ফেব্রুৱাৰী নিশা গীতৰ শৰাই আগ বঢ়াব বৰ্ত্তমান অসমৰ প্রতিভাধাৰী উদীয়মান গায়ক নেকিব হুছেইনে । ২৫ ফেব্রুৱাৰী অৰ্থাৎ শেষ নিশাৰ মুখ্য আকৰ্ষন বহু জনপ্রিয় গীতেৰে দেশ তথা বিশ্বৰ শ্রোতাক মুগ্ধ কৰিবলৈ সক্ষম হোৱা বলিউদৰ অতিকৈ চিনাকী শিল্পী ‘নাকাজ আজিজে’ । ১৩ ফেব্রুৱাৰীৰ পৰা ২৫ ফেব্রুৱাৰীলৈকে হ’ব লগীয়া সমন্বয় আৰু প্রগতিৰ এই অনুষ্ঠান ‘EUPHUISM(http://gimt-euphuism.org)’ লৈ সমগ্র অসমবাসীকে আয়োজক সমিতিয়ে আমন্ত্রণ জনাইছে ।

IMG-20170209-WA0028

 
 

Leave A Reply

Your email address will not be published.