অসমীয়া ৱেব পৰ্টেল ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট আৰু বঙালী ৱেব পৰ্টেল নয়া ঠাহৰ যৌথ উদ্যোগত দেওবাৰে বেলতলা কলেজৰ ওচৰত থকা জ্ঞান মন্দিৰ বিদ্যাপীঠত পুৱা ১১ বজাৰ পৰা এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সম্পূৰ্ণ বিনামূলীয়াকৈ আয়োজন এই প্ৰতিযোগিতা খন দুটা শাখাত (ক আৰু খ) অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনত শতাধিক ছাত্ৰ – ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বিশিষ্ট চিত্ৰ শিল্পী সুভজিত দাস বিচাৰক হিচাপে উপস্থিত থকা প্ৰতিযোগিতা খনত ‘ক’ শাখাত শ্ৰীয়াশ্ৰী চৌধুৰীয়ে প্ৰথম, দীপাংক চক্ৰৱৰ্তীয়ে দ্বিতীয়, মহৰ্ষি বৈশ্যই তৃতীয় আৰু ৰিঅ’ আৰ্মিন ডেকা, চাৰজিল অমন, দীপাংশু চেতাৰ্জীয়ে নিচুকনি বঁটা লাভ কৰে। আনহাতে খ শাখাত পূৰ্বা দাসে প্ৰথম, নিয়ন্তা শৰ্মাই দ্বিতীয়, হিমজ্যোতি দাসে তৃতীয় পুৰস্কাৰ লাভ কৰে। খ শাখাত কৰণজিত বৰ্মন আৰু মানসজ্যোতি কলিতাই নিচুকনি বঁটা লাভ কৰে। এই উপলক্ষে জ্ঞান মন্দিৰ বিদ্যাপীঠত অনুষ্ঠিত এখন সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ অধ্যাপক ডঃ অৰূপ কুমাৰ নাথে কয় ” আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। সাম্প্ৰতিক সময়ত এনেকুৱা প্ৰতিযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন হৈছে। এই সকল শিশুৰ মাজৰ পৰাই লীঅ নাৰ্ড দা ভিঞ্চি আদি মহান শিল্পীৰ জন্ম হ’ব পাৰে। এই সকল শিশুক সু -নাগৰিক হিচাপে গঢ়ি তোলাত পিতৃ মাতৃ সকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে উদ্যোগতা সকলৰ প্ৰচেষ্টাক শলাগ ললো। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্ঞান মন্দিৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষক হেমেশ্বৰ ডেকা, বিদ্যাপীঠৰ সহ: শিক্ষক ৰঞ্জিত বসুমতাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি সহকাৰী অধ্যাপক মনোজ দাস, অসম প্ৰৱাহৰ সম্পাদক প্ৰকাশ বৰা, বঙালী ৱেব পৰ্টেল নয়া ঠাহৰৰ সম্পাদক অমল গুপ্ত, অসমীয়া ৱেব পৰ্টেল ফাৰ্ষ্ট নিউজ ৰিপোৰ্টৰ সম্পাদক দ্বীপজ্যোতি ডেকা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ বৰষা ডেকা, ফাৰ্ষ্ট নিউজ ৰিপোৰ্টৰ কাৰ্যবাহী সম্পাদক সৰগমণি দেউৰী, মুখ্য উপ -সম্পাদক সূৰ্য্য কুমাৰ বড়ো, বাৰ্তা সম্পাদক হালিমা বেগম, ষ্টাফৰিপৰ্টাৰ দীপাঞ্জলি ডেকা, শ্নেহতীৰ্থৰ সভানেত্ৰী নীতিশা কাশ্যপ আদি উপস্থিত থাকে। সাংবাদিক অনুপমা ডেকাই আঁত ধৰা সভাখনত যথেষ্ট সংখ্যক অভিভাৱক, ছাত্র- ছাত্ৰী উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী