আজি বিশ্ব কিডনী দিৱস ।জনসাধাৰণৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আজি সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপিত হৈছে ।এক সমীক্ষা ত প্ৰকাশিত তথ্য অনুসৰি প্ৰতিবছৰে বৃক্ক ৰোগত ২. ৪ মিলিয়ন ৰোগীৰ মৃত্যু হয় ।ইয়াৰে অধিকাংশ লোকে বৃক্ক ৰোগৰ সম্পৰ্কে জ্ঞাত নহয় বাবে মৃত্যুৰ মুখত পৰে।প্ৰস্ৰাৱ ধৰি ৰখা অথবা পানীৰ পৰিমাণ কমকৈ সেৱন কৰাৰ ফলত বহুতে এই ৰোগৰ চিকাৰ হয়।জাংক ফুড অথবা ফেটি আহাৰ সেৱনে এই ৰোগৰ অন্যতম কাৰক বুলি গণ্য কৰা হয়।এইবাৰ ১৪সংখ্যক বিশ্ব কিডনী দিৱস উদযাপিত হৈছে ।এই দিৱস উদযাপন তেতিয়াহে প্ৰাসংগিক হৈ পৰিব, যেতিয়া সমূহ জনসাধাৰণ বৃক্কৰ সুৰক্ষাৰ সম্পৰ্কে জ্ঞাত হৈ পৰিব ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন