বিভিন্ন চৰকাৰী আঁচনি সমূহৰ উপকাৰিতা সমূহৰ বিষয়ে জনাবলৈ নিউ ইণ্ডিয়া চৌপাল অসমৰ ধুবুৰী ,চিৰাং, ওদালগুৰি, কৰিমগঞ্জ, তিনিচুকীয়া, শোণিতপুৰ, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰ, হাইলাকান্দি, শিৱসাগৰ, লখিমপুৰ, বঙাইগাওঁ, দৰং, কাছাৰ, বাক্সা, মৰিগাঁও ,যোৰহাট, দক্ষিণ শালমাৰা, গোলাঘাট, ধেমাজি, নলবাৰী, নগাঁও ,গোৱালপাৰা, বৰপেটা,ডিব্ৰুগড় আৰু কামৰূপ জিলাত অনুষ্ঠিত কৰা হয়।ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত জিলাসমূহত অনুষ্ঠিত কাৰ্য্যসূচীত সহস্ৰাধিক লোক উপস্থিত থাকে।নিউ ইণ্ডিয়া চৌপাল সমগ্ৰ ভাৰততে অনুষ্ঠিত হয়।দেশৰ ৩১৮খন জিলাত ৮০০০তকৈ অধিক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে।এই অনুষ্ঠানৰ উপলক্ষ্যে হিতাধিকাৰীক সম্বৰ্ধনা জনোৱা হয়।লগতে বাটৰ নাট,চিত্ৰাংকন প্ৰতিযোগিতা আদিবোৰ অনুষ্ঠিত হয়।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন