সমন্বয়ৰ বাৰ্তা বিলাব মধ্য দক্ষিণী মহোৎসৱে

0 692

উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহণীয়া সাংস্কৃতিক বৈভৱক উজ্জীৱিত কৰি দক্ষিণ মধ্য ভাৰতীয় লোক কৃষ্টিক অসমৰ ৰাইজৰ মাজত পৰিচয় কৰাৰ উদ্দেশ্যৰে অহা ২৫ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ’ব মধ্য দক্ষিণী মহোৎসৱ ।শিল্পগ্ৰাম, ৰয়েল গ্ল’বেল ইউনিভাৰচিটিৰ চৌহদ আৰু সোণাপুৰত এই মহোৎসৱ অনুষ্ঠিত হ’ব ।মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ছত্তীশগড,অন্ধপ্ৰদেশ,তেলেংগনাৰ পৰা প্ৰায় ১০০লোক সংস্কৃতিৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।এই অনুষ্ঠানত অসমৰ ৫০জন শিল্পীয়ে বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব।২৫ এপ্ৰিলত শিল্পগ্ৰামত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিব সংগীত শিল্পী জিতুল সোণোৱালে ।

Leave A Reply

Your email address will not be published.