অসমীয়া সাহিত্যৰ নীৰৱ সাধক অনন্ত ৰাম দাসৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়াই অহা সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা ২০১৯ বৰ্ষৰ বাবে বিশিষ্ট লেখক সমালোচক নৃপেন ৰয়লৈ আগবঢ়োৱা হৈছে ৷ আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে জানিবলৈ দিয়ে যে নীৰৱ সাধনাৰে ভালেসংখ্যক নাটক .কবিতা . উপন্যাস . ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ স্মৃতি ৰক্ষাৰ্থে গঠিত অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনে প্ৰতিবছৰে অসমীয়া ভাষা সহিত্যলৈ অৱদান আগবঢ়াই অহা একোজন বিশিষ্ট ব্যক্তিক সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা আগবঢ়াই আহিছে ৷ ২০১৯ বৰ্ষৰ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটাৰ বাবে নিৰ্বাচন সমিতিয়ে নৃপেন ৰয়ৰ নাম মনোনীত কৰা বুলি ঘোষণা কৰা হৈছে ৷ উল্লেখযোগ্য যে বিশিষ্ট লেখক নৃপেন ৰয় বৰপেটা জিলা সংগ্ৰহালয় বিষয়া হিচাপে বৰ্তমান কৰ্মৰত ৷ তেখেতে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি নিৰবিচ্ছিন্নভাবে সাহিত্য চৰ্চাত ব্ৰতী হৈ বিছখনৰো অধিক গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে ৷তাৰোপৰি বিভিন্ন বাতৰি কাকত . আলোচনী আৰু স্মৃতিগ্ৰন্থত তেখেতৰ বহুতো প্ৰবন্ধ সিচৰিত হৈ আছে ৷ আনহাতে স্মৃতি প্ৰকাশনৰ তৰফৰ পৰা বিশেষভাৱে ভাৰতীয় সংগীত নাটক একাডেমি বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী জগন্নাথ বায়ন . অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক তথা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু বৰপেটাৰ প্ৰবীণ শাস্ত্ৰীয় সংগীতজ্ঞ সত্য কৃষ্ণ মিশ্ৰক সন্মানীয় জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব ৷ অহা ১৯ জুলাইত অনন্ত ৰাম দাসৰ সপ্তদশ বাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি সভাত এই বঁটা সমূহ প্ৰদান কৰা হ’ব বুলি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে জনাইছে ৷
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী