তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক খবৰ পত্ৰিকা ‘টেক-বাৰ্তা’ৰ দ্বিতীয় সংখ্যাটি আজি উন্মোচন কৰা হয় । ৰাজ্যখনৰ অগ্ৰণী অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলোধৰণৰ ক্ৰিয়া কলাপ, বা-বাতৰি প্ৰকাশ কৰি প্ৰতিবছৰে খবৰ পত্ৰিকা প্ৰকাশ কৰি অহা হৈছে । এইবাৰৰ সংখ্যাটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ শৈক্ষিক এন জি অ’ এডুপুৰ চ’ছায়িটীৰ প্ৰতিস্থাপক সম্পাদক অমিত ৰাজকোঁৱৰৰ লগতে দ্যা ছেণ্টিনেল কাকতৰ তেজপুৰৰ সাংবাদিক দীপ কুমাৰ কলিতা । সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানত দুয়োগৰাকী উন্মোচকে মহাবিদ্যালয়খনৰ পদক্ষেপক প্ৰশংসা কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহত খবৰ পত্ৰিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে । উন্মোচনী অনুষ্ঠানত জি আই এম টি, তেজপুৰৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই আৰু প্ৰশাসনিক ডীন কেপ্টেইন মুকুল কুমাৰ দাসেও ভাষণ আগবঢ়ায় ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী