ভাষা,সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ অনুশীলনৰ অন্যতম মঞ্চ নগাঁৱৰ অৰুণোদয় সাহিত্য চ’ৰাৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখন আজি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত হয় ।এই অধিবেশনতে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ( কে কে ) ক অৰুণোদয় সন্মান-২০১৯ প্ৰদান কৰাৰ লগতে ডঃ দিলীপ শৰ্মা ,( প্ৰৱন্ধ ) প্ৰদীপ কুমাৰ শইকীয়া ( কবিতা ) আৰু মুনমী বৰদলৈ ( গল্প )ক চবিন ডেকা সোঁৱৰণী অৰুণোদয় সাহিত্য বঁটা প্ৰদান কৰা হয় । ভৱেশ মেধিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে কবি, সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত ‘অৰুণোদয়’ নামৰ সাহিত্য সংকলনটি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে । সম্পাদক মুৰুলী বৰুৱাই আঁতধৰা অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই বিশিষ্ট অতিথি হিচাৱে উপস্থিত থাকি কয়– অৰুনোদয় সাহিত্য চ’ৰাই সাহিত্য চৰ্চা কৰাই নহয় নতুন নতুন লেখক-লেখিকাৰ জন্ম দি স্বিকৃতি প্ৰদান কৰিছে। ই এক অতি আদৰণীয় পদক্ষেপ। সভাত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতী, ড° আবু হানিফা, বল্লদেৱ শৰ্মা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মুকলি অধিবেশনতে পৰবৰ্তী দুবছৰৰ বাবে নিৰ্বাচিত সভাপতি মৃদুপৱন বৰা আৰু সম্পাদক ৰাহুল দেৱ বৰদলৈক আনুষ্ঠানিক ভাৱে দ্বায়িত্ব অৰ্পন কৰে।খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে .
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী