মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী আন্তৰ্জাতিক সংগঠন ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা ৯ জুলাইৰ পৰা ১৩ জুলাই লৈ কলাক্ষেত্ৰ প্ৰাঙ্গণত “সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শংকৰী শৈলীত অংকন’ শীৰ্ষক এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে ।এই কৰ্মশালাত সাঁচিপতীয়া পুথি, হেঙুল -হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শংকৰী শৈলীতে পুথিচিত্ৰ অংকনৰ ওপৰতো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হব ।উল্লেখযোগ্য যে ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত ২০১৩ বৰ্ষৰ পৰাই প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথিচিত্ৰ চৰ্চ্চা ক্ষেত্ৰখনত এক নতুন অধ্যায় সংযোজিত হৈছে । পাঁচদিনীয়া এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব অসমৰ খ্যাতিমান পুথিচিত্ৰ শিল্পী মৃদু মৌচম বৰাই । আনহাতে অহা ১৪ জুলাইৰ পৰা ১৮জুলাইলৈ উক্ত স্হানতে এক পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ আয়োজন কৰা হৈছে । উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট মুখাশিল্পী দেৱকান্ত হাজৰিকাই । এই ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰশিক্ষাৰ্থীসকলক অহা ৫জুলাইৰ ভিতৰত ৯৪০১৩৮৩৫১৭ অথবা ৭০০২৭২৮৬৭৪ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনাইছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী