ৰোগী আৰু চিকিৎসকৰ মাজত দূৰত্ব হ্ৰাস কৰিবলৈ অসমৰ অন্যতম আগশাৰীৰ চিকিৎসালয় জি এন আৰ চিয়ে ব্যয়সাধ্য স্বাস্থ্য অভিযান শীৰ্ষক এখন আঁচনিৰ আৰম্ভ কৰিছে।ইয়াৰ লগত সংগতি ৰাখি আজি আনুষ্ঠানিকভাৱে অসমৰ বিভিন্ন ঠাইৰ ৮১ গৰাকী স্বাস্থ্য মিত্ৰক বঁটা প্ৰদান কৰে।জি এম চি এইছ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত জি এন আৰ চি হস্পিতালৰ প্ৰতিষ্ঠাতা ডক্তৰ নোমল বৰাই কয় যে সমগ্ৰ বিশ্বতে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তি সকলক ব্যয়সাধ্য স্বাস্থ্য আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া।জনসাধাৰণক স্বাস্থ্যৰ সম্পৰ্কে অৱগত কৰা,জৰুৰীকালীন সময়ত হস্পিতালত ভৰ্তি কৰা ইত্যাদি বোৰ বিষয় সামৰি এই আঁচনি দুবছৰৰ পূৰ্বে আৰম্ভ কৰা হৈছিল ।স্বাস্থ্য মিত্ৰ সকলৰ অৰিহণা, দক্ষতা, জনসাধাৰণৰ লগত সম্পৰ্কৰ বিষয়ৰ ভিত্তি কৰি এই বঁটা প্ৰদান কৰা হয় ।উল্লেখযোগ্য যে এই বঁটা প্ৰতিমাহে প্ৰদান কৰা হ’ব ।অনুষ্ঠানটোত আঁত ধৰি জি এন আৰ চি নিউৰ’ছাৰ্জাৰী বিভাগৰ সঞ্চালক ডক্তৰ নৱনীল বৰুৱাই কয় যে প্ৰায়বোৰ ৰোগৰে মুখ্য কাৰণ হ’ল ৰোগ বিধৰ সম্পৰ্কে বিশদভাৱে নজনাটো।ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাবোৰৰ সমিধান উলিয়াবলৈ যত্ন কৰিছো।স্মতব্য যে স্বাস্থ্য মিত্ৰ সকলে তৃণমূল পৰ্য্যায়ৰ পৰা জনসাধাৰণৰ মাজত কাম কৰি আহিছে ।আজিৰ অনুষ্ঠানত অভিনেতা দিনেশ দাস, অভিনেত্ৰী মলয়া গোস্বামীকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা