শোণিতপুৰ বালিপৰাৰ এগৰাকী ছবছৰীয়া কণমাণিয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ পূজাৰ সময়ত নিজৰ পুতলা কিনাৰ বাবে সাঁচি ৰখা সমুদায় ধনৰাশি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দি গৌৰৱান্বিত কৰি তুলিছে কণমাণিগৰাকীৰ পিতৃ-মাতৃৰ লগতে বালিপৰা অঞ্চলবাসীক । উল্লেখ্যে যে, বালিপৰা বামগাঁৱৰ বাসিন্দা ৰাতুল শৰ্মা আৰু নিৰলা ডেকাৰ সুযোগ্যা কন্যা তথা বালিপৰা এলিট একাডেমীৰ ক্লাছ ওৱানৰ ছয়বছৰীয়া ছাত্ৰী জিজ্ঞাশ্ৰী ডেকা শৰ্মাই আজি দীৰ্ঘ দিনৰেপৰা ঘৰত জমা কৰি ৰখা সৰ্বমুঠ ৪,৬৭৩ টকা অভিভাৱকৰ একাউন্টযোগে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আনুষ্ঠানিকভাৱে আগবঢ়ায় । কণমাণি জিজ্ঞাশ্ৰী ডেকা শৰ্মাই জনোৱা অনুসৰি, তাইক পিতৃ-মাতৃয়ে বিভিন্ন সময়ত মৰমতে দিয়া ধনৰাশি জিজ্ঞাশ্ৰীয়ে এটা টিনৰ সৰু চন্দুকত আলফুলে জমা কৰি গৈছিল । তাৰোপৰি, উক্ত ধনৰাশিৰে অনাগত শাৰদীয় দুৰ্গাপূজাত নিজৰ পছন্দত বাৰ্বি পুতলা কিনিম বুলিও পৰিকল্পনাও কৰিছিল । যদিও বৰ্তমান সময়ত ৰাজ্যৰ বানপীড়িত ৰাইজৰ বাবে বিভিন্ন ঠাইৰ ৰাইজ, দল-সংগঠনে টকা-পইছা, কাপোৰ, খাদ্য সামগ্ৰী যোগান ধৰাৰ দৃশ্য টেলিভিছনত প্ৰত্যক্ষ কৰি নিজৰ সিদ্ধান্ত সলনি কৰি এনেদৰে আৰ্তজনৰ সাহায্যৰ বাবে উক্ত জমা ধনৰাশি আগবঢ়াই আৰ্তজনৰ যৎকিঞ্চিত উপকাৰ সাধন হোৱাৰ কামনা কৰে । কণমাণি জিজ্ঞাশ্ৰীৰ গৰ্বিত পিতৃ ৰাতুল শৰ্মাই জনোৱা মতে, তাই বুজন হোৱাৰ দিনৰেপৰা বিভিন্ন সময়ত মানৱ প্ৰেম, জীৱ-জন্তুৰ প্ৰতিও সদয় ভাৱ পোষণ কৰি আহিছে ,আৰু এয়া তাৰে এক নিদৰ্শন । লগতে, কণমাণিজনী সাংস্কৃতিক ক্ষেত্ৰতো পাৰ্গত । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, জিজ্ঞাশ্ৰীৰ মাতৃ অসমৰ এখন জনপ্ৰিয় দৈনিক বাতৰি কাকতৰ বালিপৰাৰ সংবাদসেৱী আৰু বালিপৰা প্ৰেছ ক্লাবৰ বৰ্তমানৰ সাধাৰণ সম্পাদিকা ।খবৰ যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাই ..
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী