অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, দক্ষিণ কামৰূপ শাখাৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৱা ২১ জুলাইত পলাশবাৰীৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ৯.১৫ বজাত সমবেত সঙ্গীতৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে তাৰ্কিক, অনুবাদক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা, আমন্ত্ৰিত অতিথি হিচাপে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ শাখাৰ সম্পৰ্কত ৰাজীৱ কুমাৰ শৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা মূলক ভাষণ দিয়াৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। ইয়াৰ পিছতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা প্ৰায় ১২৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। শেষত এক সাংস্কৃতিক অনুষ্ঠানৰে অনুষ্ঠানটোৰ সফল সামৰণী পৰে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..
Trending
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান