ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন

0 402

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হয়। জিলাখনৰ ১নং আমজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডা. টয়বুৰ ৰহমানে এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পেলুৰ প্ৰতিষেধক আলবেনডেজল টেবলেট খোৱায়। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চাব ডিভিজনেল মেডিকেল বিষয়া ডা. গণেশ চন্দ্ৰ ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নমল সিং বৰগয়াৰি, ডি চি এম সঞ্জীৱ কুজুৰ, ৱৰ্ল্ড ভিছন অফ ইণ্ডিয়াৰ প্ৰবন্ধক আৰ খাৰ্টো উপস্থিত থাকে। আনহাতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা অসামৰিক হাস্পিতালত এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সজাগতামূলক ৰেলী অনুষ্ঠিত  হয়। উল্লেখযোগ্য যে ২ৰ পৰা ১৯ বছৰ পৰ্যন্ত সকলো শিশু, কিশোৰ কিশোৰী  মাজত এই দিৱসৰ জৰিয়তে পেলুৰ প্ৰতিষেধক টেবলেট বিতৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.