অসমৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান তেজপুৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত আজি দিন যোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা আৰু দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। নতুন শিক্ষাবৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ লগতে সদ্য ডিগ্ৰীপ্ৰাপ্ত প্ৰাক্তন শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে আয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অৱনী কুমাৰ শৰ্মা। স্নাতক ডিগ্ৰীপ্ৰাপ্ত শিক্ষাৰ্থীসকলক তেওঁ মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰে। অধ্যাপক শৰ্মাই নিজৰ ভাষণত মহাবিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে উত্তোতৰ কামনা কৰে। সাম্প্ৰতিক সময়ত কেৱল ডিগ্ৰী প্ৰাপ্তিৰ বাবে শিক্ষা গ্ৰহণ নকৰি প্ৰকৃত অৰ্থত জ্ঞানী আৰু সংস্কাৰী হ’বলৈ তেওঁ শিক্ষাৰ্থীসকলক আহ্বান জনায়। অনুষ্ঠানটোত অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই, প্ৰশাসনিক ডীন কেপ্টেইন মুকুল কুমাৰ দাস, শৈক্ষিক ডীন দীপল বৰুৱায়ো ভাষণ আগবঢ়ায়। সমান্তৰালভাৱে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। বাৰে ৰহনীয়া গীত নৃত্যৰ লগতে কাশ্মীৰৰ বীৰ শ্বহীদ সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিৱেশন কৰে।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ