নিজৰ প্ৰিয় শিক্ষকৰ নামত বৃক্ষ ৰোপন কৰক,তেতিয়াহে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব|এনেদৰে এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলিয়ে|হোজাইৰ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজত কালি অনুষ্ঠিত নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে কয় মিলিয়ে |লগতে তেওঁ ভাষণ প্ৰসংগত মহান ব্যক্তি সকলৰ জীৱনৰ আৰম্ভনী সফল নাছিল,পিছলৈ নিজৰ প্ৰচেষ্টা আৰু মনোবলে মহান ব্যক্তি হিচাপে গঢ়ি তোলে বুলি কৈ নৱাগত ছাত্ৰ ছাত্ৰীক মহান ব্যক্তি হোৱাৰ আহব্বান জনায় |লগতে তেওঁ আমাজন অভয়াৰণ্য জুইত জাহ যোৱা ঘটনাক দুখ প্ৰকাশ কৰি সকলো ছাত্ৰ ছাত্ৰীক নিজৰ প্ৰিয় শিক্ষকৰ নামত বৃক্ষ ৰোপন কৰিবলৈ আহ্বান জনায় |জুনিয়ৰ কলেজৰ সঞ্চালক নুৰ আহমেদে সঞ্চালনা কৰা ষষ্ঠতম নৱাগত আদৰণি সভাৰ মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় কলেজৰ অধ্যক্ষ ছাদিকুজ জামানে|বিশিষ্ট অতিথি হিচাপে মোৰাঝাৰ গাঁও পঞ্চায়তৰ সভাপতি হিফজুৰ ৰহমান উপস্থিত থাকি নৈতিকতা আৰু ছাত্ৰ ছাত্ৰীৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি, নিজৰ জন্মভূমিক পাহৰি নাযাবলৈ ভাষণ প্ৰসংগত কয়|লগতে ট্ৰাষ্টৰ সদস্য ইয়াহহিয়া আহমেদ,জয়নগৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আইনুল হককে ধৰি ট্ৰাষ্টৰ বিষয়ববীয়া আৰু শিক্ষক সকল উপস্থিত থাকি নৱাগত ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে |উল্লেখ যোগ্য যে সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভৰ পূৰ্বে বলিউডৰ তাৰকা অক্ষয় কুমাৰে চুটি ছবি নিৰ্মাণ কৰা অসম কন্যা জেবিন কৌচৰক সম্বৰ্ধনা জনোৱা হয়,ছাত্ৰ ছাত্ৰীৰ সৈতে জেবিনে মত বিনিময় কৰি সফলতাৰ আঁৰৰ কাহিনী কয়|উখল মাখল পৰিবেশৰ মাজেৰে বিগত বৰ্ষৰ দৰে ন-পুৰনি ছাত্ৰ- ছাত্ৰীয়ে গীত মাতেৰে আদৰিলে নৱাগতক|লগতে বিয়লি ৫ বজালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হৈ যায় |
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ