ৰাজ্যখনৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত অহা ১২ ছেপ্তেম্বৰত এখনি এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। ‘উদ্ভাৱনী আৰু উদ্যমীতা’ বিষয়ক কৰ্মশালাখনি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হ’ব। কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব পদ্মশ্ৰী বঁটাপ্ৰাপক বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ লগতে ডিজিটেল জগতৰ বিশিষ্ট উদ্যমী তথা লেখিকা পুস্পাঞ্জলী দাস দত্তই। মূলত উদ্ভাৱন স্বনিয়োজন আৰু উদ্যমীতা বিকাশৰ লক্ষ্যৰে আয়োজিত কৰ্মশালাখনিত আগ্ৰহীসকলে পুৱা ৮:৩০ বজাত কলেজ প্ৰাংগনত উপস্থিত হৈ অংশগ্ৰহণ কৰিব পাৰিব।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী