উদ্ভাৱনৰ জৰিয়তে সমাজলৈ বিশেষ অৱদান আগবঢ়াইছে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে।আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিজ্ঞানী উদ্ধৱ ভৰালীয়ে শেহতীয়াকৈ পক্ষাঘাতগ্ৰস্ত ৰোগীৰ বাবে বিচনা, বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ হুইল চেয়াৰ, জাৱৰ নিষ্কাষণ যন্ত্ৰ আৱিস্কাৰ কৰিছে, যাৰ জৰিয়তে এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে সকলো কাম কৰিব পাৰে।আনহাতে জাৱৰ নিষ্কাষণ কৰা যন্ত্ৰৰ সহায়ত পৰিবেশ প্ৰদূষণ নোহোৱাকৈ সহজতে নিষ্কাষণ কৰিব পাৰি।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভৰালীয়ে কয় যে গ্ৰাহকৰ অৰ্ডাৰ অনুসৰি প্ৰতি মাহে বিভিন্ন যন্ত্ৰ, সা সৰঞ্জাম উদ্ভাৱন কৰো।দুখীয়া মানুহক বিনামূলীয়াকৈ যোগান ধৰো।আৰু অৱস্থাসম্পন্ন সকলৰ বাবে মাত্ৰ উদ্ভাৱনৰ সামগ্ৰী খৰচহে গ্ৰহণ কৰো।কোনো দিনে ব্যৱসায়িক ভাৱে লোৱা নাই ।উল্লেখযোগ্য যে ভৰালীয়ে প্ৰতি মাহে ২৬টা মান যন্ত্ৰ উদ্ভাৱন কৰে।ইয়াৰ ভিতৰত মাজুলীৰ মূুখা শিল্প প্ৰস্তুত কৰোতে মুখা শুকোৱাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ অন্যতম ।স্মতব্য যে এই বিশেষ যন্ত্ৰটোৰ সহায়ত ২০মিনিটত মুখা শুকোৱাব পাৰি।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী