গুৱাহাটী ডাউন টাউন হাস্পতাল আৰু হায়দৰাবাদৰ যশোদা হাস্পতালে যুটীয়া ভাৱে প্ৰথমটো যকৃৎ সংৰোপন সফলতাৰে সম্পন্ন কৰে। দুবছৰ ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ থকা গোৱালপাৰাৰ জয়দেৱ দাসে চিকিৎসা কৰি আৰোগ্য লাভ কৰে। আজি তাজ ভিভান্টত অনুষ্ঠিত কৰা এক সংবাদমেলত ডাউন টাউন হাস্পতালৰ সঞ্চালক এন এন দত্তই কয় যে দুয়োখন হাস্পতালে যুটীয়াভাৱে এই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিছে। টীম ৱৰ্ক হিচাপে জয়দেৱ দাসৰ পত্নী ৰঞ্জু দাসে আগবঢোৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।অনুষ্ঠানত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য লাভ কৰা ব্যক্তি জয়দেৱ দাসে সমূহ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত যশোদা হাস্পতালৰ সঞ্চালক জি এচ ৰাওৰ লগতে বহুকেইজন চিকিৎসক উপস্থিত থাকে।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা