ষষ্ঠ বৰ্ষৰ বাবে ‘সাদিন-প্ৰতিদিন’ গোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইগাৰাকীও বিশিষ্ট ব্যক্তিক প্ৰদান কৰিলে ‘প্ৰতিদিন টাইম এছিভাৰ এৱাৰ্ড-২০১৯। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলেক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত।এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত ১৪ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় এছিভাৰ এৱাৰ্ড। বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অনুষ্ঠান মুখ্য অতিথি হিচাপে থকা অসমৰ ৰাজ্যপাল, প্ৰফেচাৰ জগদীশ মুখী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জীৱনজোৰা সাধনা বঁটাত আছে এখন মানপত্ৰ, চেলেং, এড়ি চাদৰ, ফুলাম গামোচা, এটা স্মাৰক, এখন হেমকোষ আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ চেক। বিশিষ্ট সাহিত্যিক শশী শৰ্মাক ‘সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। এই বঁটাত আছে এখন মানপাত্ৰ, চেলেং, এৰি চাদৰ, ফুলাম গামোচা, এটা স্মাৰক, এখন হেমকোষ আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ চেক। উক্ত অনুষ্ঠানতেই বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰা হয় Excellance in science & innovation, Excellence in art প্ৰদান কৰা হয় ভাস্কৰ্য শিল্পী জনক ঝংঝাৰ নাৰ্জাৰিক, ভিলেজ ৰকষ্টাৰ ভ্ৰষ্টা ৰীমা দাসলৈ আগবঢ়োৱা হয় caltural award, ভোজপুৰি কুইন খ্যাত হিচাপে কল্পনা পাটোৱাৰীক Excellence in music, Excellence in business প্ৰদান কৰা হয় ওজা গ্ৰুপক, পশ্চিম গাৰো পাহাৰৰ জিলা উপায়ুক্তক প্ৰদান কৰা হয় Excellence in public service। এনেদৰে ১৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ এছিভাৰ এৱাৰ্ড প্ৰদান কৰা হয়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ