কমিউনিটি হেলথ মিছনৰ উদ্যোগত লুইত হাস্পতালৰ সহযোগত স্বাস্থ্য সেৱাৰ বিভিন্ন কাৰ্য্যসূচীৰ অভিযান উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ’ব।আজি তাজ ভিভান্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দি কমিউনিটী হেলথ মিছনৰ সঞ্চালক ডাক্তৰ তৰংগ ভাটিয়াই কয় যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৫০খন চহৰত চিকিৎসা সেৱা কেন্দ্ৰ,অ’পিডি আৰু ফাৰ্মাচী মুকলি কৰিছে।নতুনকৈ স্থাপিত হোৱা নিৰোগ ভাৰত কেন্দ্ৰ সমূহে জিলা স্বাস্থ্য প্ৰাধিকৰণ আৰু প্ৰাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনি তথা কাৰ্য্যসূচীসমূহৰ সৈতে সংগতি ৰাখি নিয়মীয়া স্বাস্থ্য শিবিৰ আৰু এম্বুলেণ্স সেৱা সুবিধা উপলব্ধ হ’ব।বিশেষকৈ মহিলা সকলৰ স্বাস্থ্য আৰু নীতিৰ প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।আজিৰ সংবাদ মেল খনত লুইত হাস্পতালৰ সঞ্চালক ডক্তৰ আশীষ মালাকাৰ,শিখা মঞ্জুল,মহেশ কুলকাৰ্ণিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ