বাইকেৰে বিদেশ ভ্ৰমণ কৰি অসমৰ দুজন ব্যক্তি আজি গুৱাহাটীত উপস্থিত হয়।লখৰাস্থিত হাৰ্লী ডেভিদচন শ্ব’ৰুমত আয়োজিত এক অনুষ্ঠানত উষ্ম আদৰণি জনায় ভাৰত পৰ্যটনৰ উত্তৰ পূব ক্ষেত্রীয় সঞ্চালক শংখশুভ্ৰ দেৱবৰ্মনে কয় যে এয়া এক ঐতিহাসিক ক্ষণ।কিয়নো অসমৰ দুজন ব্যক্তিয়ে মটৰ চাইকেলেৰে ছাউথ ইষ্ট এছিয়া ভ্ৰমণ কৰি আহিছে।ইয়াৰ জৰিয়তে দেশ সমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হৈছে।জয়ব্ৰত সিনহা আৰু পংকজ দাস নামৰ ব্যক্তি দুজনে বাইকেৰে নৰ্থ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ এডভেঞ্চাৰ টুৰিজিম এণ্ড স্পৰ্টচৰ সহযোগত ভাৰত ম্যানমাৰ,থাইলেণ্ড,লাউচ,ভিয়েটনাম আৰু কম্বোডিয়া ভ্ৰমণ কৰি আহিছে।উল্লেখযোগ্য যে যোৱা ৫ নৱেম্বৰত তেখেতসকলে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।অসম পৰ্যটনৰ বাৰ্তা বিলাই দেশ ভ্ৰমণ কৰা ব্যক্তি দুগৰাকীয়ে এনেদৰে মন্তব্য কৰে যে ম্যানমাৰ আৰু বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিৰ পৰা বহু সহযোগ লাভ কৰিছো।ভাৱৰ আদান প্ৰদান হৈছে।ইয়াৰ জৰিয়তে দেশসমূহৰ মাজত বাণিজ্যিক ভাৱে সম্পর্ক গঢ় লৈ উঠা সম্ভাৱনা প্ৰকট হৈ উঠিছে।এই অনুষ্ঠানত জি এল পাব্লিকেশ্বনৰ প্ৰণৱ কুমাৰ তালুকদাৰ,স্মাৰ্ট চিটি’ৰ পৰিচালন সঞ্চালক মলয় বৰাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।এনেধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ