গাৰ্ডেনিং কৰাৰ চখ আপোনাৰ আছে নেকি!গুৱাহাটীৰ কুসুমকুঞ্জ নামৰ এটা সংস্থাই এই সুবিধা দি আহিছে ।দৰাচলতে কুসুমকুঞ্জ হৈছে এখন জৈৱিক ফাৰ্ম।ইয়াৰ জৰিয়তে গুৱাহাটীত বাস কৰা মানুহৰ অট্টালিকাত বেলকনিত গাৰ্ডেনিং,ইনডোৰ প্লাণ্টচ্,টেৰেচ গাৰ্ডেনিং হয়।ইনডোৰ প্লাণ্টচ’ৰ ভিতৰত তেওঁলোকে বাছি লৈছে বায়ু পৰিশোধন ক্ষমতা থকা কিছুমান গছপুলি।চলিত বৰ্ষৰ ৫ জুনত আৰম্ভ কৰা এই সংস্থাটোৰ মূল মানুহ দুগৰাকী হৈছে শিখা হাতীবৰুৱা আৰু নিহাৰেন্দ্ৰ শৰ্মা।মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিহাৰেন্দ্ৰ শৰ্মাৰ নিজ গৃহত গছ পুলি ৰোপন কৰিছে যদিও বৰ্তমানে তেওঁলোকৰ প্ৰডাক্টবিলাক বৃদ্ধি পোৱা নাই বুলি জানিবলৈ দিয়ে শিখা হাতীবৰুৱাই।সেয়ে কেইবাখনো নাৰ্ছাৰী লগ হৈ এই কাম কৰি আহিছে।ফেইচবুক পেজ’ত উপলব্ধ কুসুমকুঞ্জৰ ঠিকনা।এতিয়া অনলাইন প্ৰক্ৰিয়াৰে আপুনিও মনে ভবা ধৰণে পচন্দৰ বাগিছা পাতিব পাৰে।ফুলৰ উপৰিও মানিমুনী,পদিনাও যোগান ধৰে ।জানিব পৰা মতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে একো একোজন মালিৰ দ্বাৰা গাৰ্ডেনিঙৰ কাম কৰোৱায়।ভৱিষ্যতে অসমৰ সকলো ঠাইতে গাৰ্ডেনিং কৰাৰ মন মেলিছে।জানিব পৰা মতে ইতিমধ্যে হাজোত মহিলাৰ দল এটাক জৈৱিক সাৰ,কেচুঁসাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ।যাৰ দ্বাৰা পৰিৱেশ চাফা হোৱাৰ লগতে মহিলাসকল স্বাৱলম্বীও হৈছে।যিহেতু অসমৰ বাহিৰত জৈৱিক সাৰৰ মূল্য বহুত,গতিকে অসমৰ পৰা উৎপাদিত জৈৱিক সাৰ বাহিৰৰ ঠাইলৈ পঠোৱাৰ এক চেষ্টা চলোৱা হৈছে বুলি জনায় হাতীবৰুৱাই।স্মৰ্তব্য যে অহা ১ জানুৱাৰীত জু-ৰোডত কুসুমকুঞ্জ সংস্থাৰ এটা কাৰ্যালয় মুকলি কৰিব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী