উত্তৰ পূৰ্বাঞ্চলৰ বিমান বন্দৰসমূহৰ উন্নীতকৰণৰ বাবে অসামৰিক বিমান পৰিবহন বিভাগে অহা দুবছৰৰ ভিতৰত পাঁচ হাজাৰ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য স্থিৰ কৰিছে।আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই কথা প্ৰকাশ কৰে।তেওঁ কয় যে গুৱাহাটী বিমান বন্দৰত নতুনকৈ হ’বলগীয়া টাৰ্মিনেলত ভালেসংখ্যক থলুৱা যুৱক যুৱতীয়ে নিয়োগৰ সুবিধা লাভ কৰিব।বিমান পৰিবহন খণ্ডত নিয়োগ লাভ কৰিলে যিকোনো শাখাৰ স্নাতক আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে চণ্ডীগড়ত থকা প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এই খণ্ডত নিয়োগ লাভ কৰিব পাৰে বুলি তেওঁ প্ৰকাশ কৰে।এই প্ৰশিক্ষণৰ সময়ত ২৯০০ টকাকৈ মাননী লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।ইয়াৰ বাবে প্ৰশিক্ষণ কেন্দ্রৰ সঞ্চালকৰ ফোন নম্বৰ ৯৯৭১৬০৭০০৪ ত যোগাযোগ কৰিব পাৰে বুলিও তেওঁ কয়।আনহাতে উত্তৰ-পূবৰ বিমানেৰে পণ্য পৰিবহন খণ্ডত যথেষ্ট সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি তেওঁ অঞ্চলটোত ভালেমান পণ্য পৰিবহন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে।অঞ্চলটোৰ ক’লা চাউল,মছলা,আনাৰসকে ধৰি বিভিন্ন ফল মূল আৰু অৰ্কিডৰ দেশে বিদেশ বৃহৎ চাহিদা আছে বুলি প্ৰকাশ কৰি জিন্দালে বিভিন্ন দুৰণিবটীয়া অঞ্চলৰ লোকসকলকো সমবায় পদ্ধতিত সামগ্ৰী সংৰক্ষণ কৰি বিমানেৰে পৰিবহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ বিমান বন্দৰৰ উন্নীতকৰণৰ ব্যৱস্থা অব্যাহত আছে বুলি উল্লেখ কৰি ন ন অঞ্চলৰ সৈতে বিমান যোগাযোগ স্থাপনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক