২২ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে নামনি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়ত ন পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ সতীৰ্থ সন্মিলনখন অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বিপ্লৱ হাউলীয়ে। বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপ্ত হোৱাৰ লগে লগে ন পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হৈ হয় ।শিক্ষাগুৰুসকলৰ লগতে অভিভাৱকসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত কেবাগৰাকী প্ৰাক্তন ছাত্ৰই তেওঁলোকৰ বহুমূলীয়া বক্তব্যৰ যোগেদি বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক নিজৰ নিজৰ অধ্যয়নত মনোনিবেশ কৰাৰ লগতে সমাজৰ প্ৰতিও দায়বদ্ব হ’বলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ নকৈ জন্ম গ্ৰহণ কৰা প্ৰাক্তন সন্মিলনী সংস্হাৰ সন্মানীয় সভাপতি তথা প্ৰাক্তন ছাত্ৰ মৃদুল কুমাৰ বৰ্মন, উপ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃছলমান খান, শিক্ষক গগন দাস, সাধাৰণ সম্পাদক তথা চিকিৎসক শ্বামিম আহমেদ, সহকাৰী সম্পাদক তথা অধিবক্তা মোবাৰক হুছেইন, বিশিষ্ট চিকিৎসক ডাঃ আব্দুল বাতিন প্ৰমুখ্যে আন আন ছাত্ৰ-ছাত্ৰীয়ে। ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা নামনি অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়ে ২০২০ চনত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব।সেয়ে সন্মিলনখনত আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তীৰ বিষয়েও আলোচনা হয় আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে সম্পূৰ্ণ ৰূপে সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে সকলোৰে উপস্থিতিত উক্ত সভাতেই প্ৰাক্তন ছাত্ৰ তথা সন্মিলনী সংস্হাৰ সহকাৰী সম্পাদক মোবাৰক হুছেইনৰ দ্বাৰা পৰিকল্পনা আৰু অংকন কৰা ছাত্ৰ সন্মিলনীৰ প্ৰতীক চিহ্নও উন্মোচন কৰা হয়। সভাৰ শেষত বিদ্যালয় কৰ্তৃপক্ষই সকলোৰে বাবে দুপৰীয়া আহাৰ গ্ৰহণৰো ব্যৱস্থা কৰে। পিছত ন পুৰণি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত ক্ৰিকেট, ভলীবলকে আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালিও অনুষ্ঠিত হৈ যায়।সদৌ শেষত সকলোৱে মিলি জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি ঘটায় বুলি প্ৰাক্তন ছাত্ৰ নাজিমুল হকে জানিবলৈ দিয়ে।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika