ক্ৰীড়া ক্ষেত্রলৈ সুখবৰ।অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সমিতিয়ে যোৱা দুটা বছৰে মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদান কৰি আহিছে।এইবাৰো সৰুসজাই ষ্টেডিয়ামত ২৯ তাৰিখে মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।এই অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।আজি অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত লক্ষ্য কোঁৱৰে কয় যে চলিত বৰ্ষত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমচত ৯ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ৬ গৰাকী খেলুৱৈক মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদান কৰিব।পদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত হৰ্ষিতা চলিহা,ৰ’দালী বৰুৱা,হৰ্ষা সিং,শিবাঙ্গী শৰ্মা আৰু বিদ্যাংগ গগৈ।সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলক ডেৰ লাখ টকা,এক লাখ টকা আৰু ৭৫,০০০ টকা নগদ ধনেৰে পুৰস্কৃত কৰিব ।ইয়াৰ উপৰিও চাউথ এছিয়ান গেমচত টেবুল টেনিচ চেম্পিয়নশ্বিপত প্ৰথম পুৰস্কাৰ লাভ কৰা এজন খেলুৱৈক এক লাখ নগদ টকা উদগনিমূলকভাৱে দিয়া হ’ব বুলি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে ।লগতে ২০১৬ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰা ৭ গৰাকী খেলুৱৈৰ মাননী ইতিমধ্যে অনুমোদিত হোৱাৰ কথা জানিবলৈ দি তেখেতে কয় যে শিৱ থাপা,হাচিনা বেগম,জয়ন্ত তালুকদাৰ,মানসজ্যোতি চাংমাই,বিনীত ৰায়,হলিচৰন নাৰ্জাৰী আৰু সুপ্ৰিয়া গগৈক প্ৰাপ্য ধনৰাশি মুখ্যমন্ত্রীয়ে আগবঢ়াব ।ইয়াৰ লগতে ইন্টিগ্রেটেড স্পৰ্টচ পলিচি অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা দুজন খেলুৱৈক প্ৰথমবাৰৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়াব ।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud