এইবাৰ নতুন দিল্লী অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উত্তৰ-পূব মণ্ডলৰ পৰা স্থল,নৌ আৰু বায়ু শাখাৰ ১১৬ জন কেডেটে অংশগ্ৰহণ কৰিব ।গুৱাহাটীৰ নাৰেংগী চাউনীত ৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত আখৰাত অসমকে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ তিনিওটা শাখাৰ ২৭২ জন কেডেটৰ পৰা এই কাৰ্যসূচীত ভাগ ল’বলগীয়া কেডেটৰ দলটো নিৰ্বাচন কৰা হয়।অহা ২৯ ডিচেম্বৰত চূড়ান্ত আখৰা সামৰণি পৰিব আৰু সেইদিনাই গুৱাহাটীৰ পৰা ৰেলযোগে নিৰ্বাচিত দলটো দিল্লীৰ অভিমুখে যাত্ৰা কৰিব।আনহাতে ২৪ ডিচেম্বৰত এন চি চি ৰ শ্বিলংস্থিত উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল বিপিন বাগচীয়ে নাৰেংগী সেনা চাউনীত চলি থকা প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত শিবিৰ পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰি মেজৰ জেনেৰেল বিপিন বাগচীয়ে নতুন দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত যাতে উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে।পৰিদৰ্শন কালত মুখ্য প্ৰশিক্ষণ বিষয়া বিপ্ৰেডিয়াৰ বি পি পালকে ধৰি নাৰেংগী সেনা চাউনীৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখযোগ্য যে নতুন দিল্লীত উত্তৰ পূব কেডেটৰ দলটোৱে গাৰ্ড অব অনাৰ,ৰাজপথ ড্ৰীল,প্ৰধানমন্ত্ৰী ৰেলী,ফায়াৰিং,ফ্লেগ এৰিয়া প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud