বিশ্ব বিনিয়োগ সন্মিলনৰ যোগেদি অসমৰ উদ্যোগ, বাণিজ্য ক্ষেত্ৰখনলৈ প্ৰসাৰতা আহিছে।যাৰ জৰিয়তে অসমত সৰ্বমুঠ ৫৬হাজাৰ৬শ ৩০কোটি টকা বিনিয়োগ কৰিবলৈ দেশী বিদেশী কোম্পানীবোৰে আগ্ৰহ প্ৰকাশ কৰিছে।এই মন্তব্য উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।আজি জনতা ভৱনত আয়োজিত এক সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে যোগীঘোপাত লজিষ্টিক হাব নিৰ্মাণ কৰা হ’ব।তিনিচুকীয়াত প্লাষ্টিক পাৰ্ক স্থাপন কৰা হৈছে।যাৰ জৰিয়তে বহু নিবনুৱাই কৰ্মসংস্থাপন পাবলৈ সক্ষম হ’ব।অ’এন জি চিয়ে অসমৰ প্ৰায় ১০০খন ঠাইত খনন কাৰ্য্য আৰম্ভ কৰিব ।এন আৰ এলৰ শোধনাগাৰৰ শোধন ক্ষমতা ৩ৰ পৰা ৬মিলিয়ন টনলৈ বৃদ্ধি পাব।পূৰ্বে বন্ধ হৈ থকা ৰেলপথ সমূহ মুকলি কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰি কয় যে ডিজিটেল সেৱাৰ ক্ষেত্ৰতো যুগান্তকাৰী পৰিৱৰ্ত্তনৰ সূচনা হ’ব।আজি অনুষ্ঠিত কৰা সংবাদ মেলত মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালী উপস্থিত থাকে ।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud