আমি প্ৰত্যকজনে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিলেহে দৃঢ়তাৰে কাম কৰিব পাৰো।দলগতভাৱে কাম কৰিলে বিশ্বজয় কৰিব পাৰি এই কথাষাৰ প্ৰধানমন্ত্ৰী মোডীয়েও কৈছে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা স্বেচ্ছাসেৱীসকলৰ লগত মত বিনিময়ৰ এক অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে এই মন্তব্য কৰে।খেলো ইণ্ডিয়া য়ুথ গেমছত বিশ্বৰ বিভিন্ন ঠাইৰ লোকৰ সমাগম হ’ব।আপোনালোকৰ কাম কাজে আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিব।উল্লেখযোগ্য যে খেলো ইণ্ডিয়া য়ুথ গেমছ অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব।১০০০ জন স্বেচ্ছাসেৱকে খেলো ইণ্ডিয়া গেমছত অতিথিক আদৰাৰ প্ৰস্তুতি চলাইছে।২০ টা ইভেণ্টত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছত ৬০০০ জন খেলুৱৈয়ে অংশগ্রহণ কৰিব।খেলো ইণ্ডিয়া গেমছৰ কাৰিকৰী প্ৰৱন্ধক আনন্দ প্ৰকাশ তিৱাৰীয়ে সমূহ স্বেচ্ছাসেৱীসকলক কৰ্তব্য আৰু দায়িত্ব সম্পর্কে প্ৰশিক্ষণ প্ৰদান কৰে।এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰে কয় যে খেলো ইণ্ডিয়াৰ দৰে এটা অনুষ্ঠান আয়োজন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো।সকলোৰে সহযোগিতা কামনা কৰিছো।উল্লেখযোগ্য যে ১০ জানুৱাৰীত ৯০ মিনিটৰ বাবে উদ্বোধনী সমাৰোহ অনুষ্ঠিত হ’ব।আজিৰ অনুষ্ঠানত ডি জি পি ভাস্কৰজ্যোতি মহন্ত,এম অংগমথোকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud